ETV Bharat / bharat

ভূমিৰ পৰা উচ্ছেদ কৰাৰ বাবেই কীটনাশক সেৱন কৰিলে দম্পতীয়ে

author img

By

Published : Jul 16, 2020, 10:37 AM IST

মধ্য প্ৰদেশৰ গুনা চহৰৰ এখন মহাবিদ্যালয়ৰ বাবে আবণ্টিত চৰকাৰী ভূমিত বাস কৰা এহাল দলিত দম্পতীক সেই স্থানৰ পৰা উচ্ছেদ কৰি দিয়াৰ বাবেই তেওঁলোকে কীটনাশক সেৱন কৰে ৷ মুখ্যমন্ত্ৰীক ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আহ্বান ভিন্ন জনৰ ৷

কীটনাশক সেৱন এহাল দম্পতীৰ
কীটনাশক সেৱন এহাল দম্পতীৰ

নেশ্যনেল ডেস্ক, 16 জুলাই: এগৰাকী জ্যেষ্ঠ বিষয়াই বুধবাৰে জানিবলৈ দিয়া অনুসৰি, মধ্য প্ৰদেশৰ গুনা চহৰৰ এখন মহাবিদ্যালয়ৰ বাবে আবণ্টিত চৰকাৰী ভূমিত বাস কৰা এহাল দলিত দম্পতীক সেই স্থানৰ পৰা ওলিয়াই দিয়াৰ বাবে, তেওঁলোকে কীটনাশক সেৱন কৰে ৷ মঙলবাৰে সংঘটিত হয় এই ঘটনা ৷

বিৰোধী দল কংগ্ৰেছে এই ঘটনাক নিন্দা আৰু সমালোচনা কৰি ঘটনাৰ বাবে দোষী আটাইকেইগৰাকী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

উপায়ুক্ত এছ বিশ্বনাথনে কয় যে, সেই ভূমি চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ বাবে আবণ্টিত আছিল ৷ ৰাজকুমাৰ আহিৰৱাৰ (38) আৰু তেওঁৰ পত্নী সাবিত্ৰী (35) য়ে তাত কাম কৰিছিল ৷

যেতিয়া বিষয়া সকলে তেওঁলোকক সেই স্থান খালী কৰিবলৈ কয়, তেতিয়া তেওঁলোকে সেই কথাৰ বিৰোধিতা কৰে আৰু উচ্ছেদ কৰিবলৈ অহা লোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কীটনাশক সেৱন কৰে ৷

দম্পতীহালে আনকি চিকিৎসালয়লৈ যাবলৈয়ো অমান্তি হয় ৷ যাৰ বাবে আৰক্ষীয়ে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ বাবে বল প্ৰয়োগ কৰিব লাগে ৷ সম্প্ৰতি তেওঁলোকৰ স্বাস্থ্য কিছু পৰিমাণে উন্নত হৈছে বুলি জানিবলৈ দিয়ে এছ বিশ্বনাথনে ৷

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ঘটনাৰ এক তথাকথিত ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে, আৰক্ষীয়ে স্বামী গৰাকীৰ ওপৰত লাঠীচালনা কৰে আৰু তেওঁৰ পত্নীৰ লগতে অন্য লোকসকলে তেওঁক বচোৱাৰ চেষ্টা কৰিছে ৷

"এহাল দলিত দম্পতীক আৰক্ষী কৰ্তৃপক্ষই নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছিল ৷ এইয়া কেনে পাশৱিক ৰাজত্ব ? এনেদৰে লিখি প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে টুইট কৰে ৷

এই ঘটনাক গুৰুত্বসহকাৰে লৈ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে, উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকীক বদলিৰ নিৰ্দেশ প্ৰদান কৰে ৷

এই বিষয়ত গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰইয়ো মুখ্যমন্ত্ৰীক, ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7 খনকৈ জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.