নিউজ ডেস্ক, ৯ মাৰ্চ : মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ৰ ভাষণ বৰ্জন কংগ্ৰেছৰ। পুলৱামা কাণ্ডৰ পাচত কাশ্মীৰত এঘৰীায়া কৰিবলৈ ৰাজ্যপাল গৰাকীয়ে কৰা টুইটৰ পাচতেই ৰাজ্যপালৰ ভাষণ বৰ্জন কৰে বিৰোধী কংগ্ৰেছে।
পুলৱামা কাণ্ডৰ গৰিহণা প্ৰদান কৰি জম্মু-কাশ্মীৰক এঘৰীয়া কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ে। কাশ্মীৰ ভ্ৰমণ তথা অমৰনাথ দৰ্শনলৈ নাযাবলৈ জনসাধাৰণক আহ্বান জনাইছিল ৰায়ে। ইয়াৰোপৰি,কাশ্মীৰৰ পৰা অহা কোনো ধৰণৰ সামগ্ৰী ক্ৰয় নকৰিবলৈও আহ্বান জনাইছিল মেঘালয়ৰ ৰাজ্যপালগৰাকীয়ে। তথাগত ৰায়ৰ এই টুইটৰ পাচতে সমগ্ৰ দেশতেই সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। ৰাজ্যপালগৰাকীক দেশদ্ৰোহী আখ্যা প্ৰদান কৰিছিল বিভিন্ন দল-সংগঠনে।
তথাগত ৰায়ৰ টুইটৰ পাচতেই দেশৰ বিভিন্ন প্ৰান্তত কাশ্মীৰি জনসাধাৰণ গণৰোষৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে মেঘালয়ৰ বিৰোধী দলৰ দলপতি মুকুল চাংমায়ে। ৰাজ্যপালগৰাকীৰ দেশদ্ৰোহী মন্তব্যৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনোধৰণৰ কাৰ্যপন্থা গ্ৰহণ নকৰাৰ বাবেও ক্ষোভিত হৈ পৰিছে মেঘালয় কংগ্ৰেছ।