ETV Bharat / bharat

চি আই এছএফৰ কৰ্মচাৰীক সামাজিক মাধ্যম বন্ধ কৰাৰ নিৰ্দেশ

author img

By

Published : Aug 1, 2020, 9:33 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনষ্ঠ সৰ্বভাৰতীয় আৰক্ষী বাহিনীৰ অন্যতম তথা ভাৰত চৰকাৰৰ প্ৰমুখ উদ্যোগৰ সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বল,চমুকৈ চিআইএছএফে ইয়াৰ কৰ্মচাৰীসকলক তেওঁলোকৰ সামাজিক মাধ্যমসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ নৌ-সেনা আৰু স্থলসেনাৰ পিচতেই চিআইএছএফ হৈছে দেশৰ প্ৰথমটো অৰ্ধসামৰিক বাহিনী যিয়ে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷

চিআইএছএফৰ কৰ্মচাৰীক সামাজিক মাধ্যম বন্ধ কৰাৰ নিৰ্দেশ

নিউজ ডেস্ক, 1 আগষ্ট : চিআইএছএফে ইয়াৰ 1.62 লাখ কৰ্মচাৰীক তেওঁলোকৰ ব্যক্তিগত সামাজিক মাধ্যমসমূহ বন্ধ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ চিআইএছএফ হৈছে দেশৰ প্ৰথমটো অৰ্ধসামৰিক বাহিনী যিয়ে,স্থলসেনা আৰু নৌ-সেনাৰ পিচতেই ইয়াৰ কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰিছে ৷

বিমানবন্দৰত সুৰক্ষাৰত চিআইএছএফৰ জোৱানৰ এটা দল

কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী হৈছে দেশৰ একমাত্ৰ নিৰাপত্তা সংস্থা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ উদ্যোগ তথা বিশেষ স্থানসমূহৰ লগতে দেশৰ 63টা বিমানবন্দৰ আৰু জাহাজঘাট,দেশৰ অন্যতম এৰ'স্পেছ আৰু পাৰমানৱিক ঘাটিসমূহকে ধৰি মেট্ৰ' ৰে'লৰ সুৰক্ষাৰ কৰ্তব্য পালন কৰে ৷

এক জৰুৰীকালীন অভিযানৰ সময়ত চিআইএছএফৰ দল

বাহিনীটোৱে 31 জুলাইত ইয়াৰ সকলো কৰ্মচাৰীৰ বাবে তেওঁলোকৰ ব্যক্তিগত সামাজিক মাধ্যমৰ একাউন্টসমূহ লগ-আউট কৰি তাক ডিলিট কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ ইয়াক ভংগ কৰিলে "strict legal and disciplinary action"ৰ সন্মুখীন হ'ব লাগিব বুলি নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷

এইসমূহ অনলাইন প্লেটফৰ্মৰ দ্বাৰা সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ তত্বাৱধানত বাহিনীটোৱে দুই পৃষ্ঠাজোৰা নিৰ্দেশনাটো প্ৰকাশ কৰিছে আৰু ইয়াক তৎকালীনভাৱে বলৱৎ কৰিছে ৷ বাহিনীটোত কৰ্মৰত জোৱান তথা বিষয়াসকলৰ ফেচবুক,টুইটাৰ,ইনষ্টাগ্ৰাম আৰু ইউ টিউব একাউন্টসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব ৷ আনহাতে যদিহে তেওঁলোকে কোনো নতুন একাউন্ট অথবা আগৰে পৰা থকা একাউন্টসমূহৰ নামসমূহ পৰিৱৰ্তন কৰি তেওঁলোকৰ পৰিচয় নতুনকৈ সৃষ্ট কৰিব বিচাৰে তাৰ বাবে বিভাগীয় বিষয়া তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আগতীয়াকৈ অনুমতি লোৱাৰ লগতে ইয়াৰ বিশদ বিৱৰণ প্ৰদান কৰিব লাগিব বুলিও কোৱা হৈছে ৷

তাজমহলৰ সন্মুখত পহৰাৰত চিআইএছএফ জোৱানৰ দল

শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনা তথা অন্যান্য সামৰিক বাহিনীৰ সৈতে জড়িত কোনো তথ্যচিত্ৰ,চুটি ছবি অথবা চিনেমা আদি নিৰ্মাণৰ ক্ষেত্ৰত সংশ্লিষ্ট অভিনেতা,প্ৰযোজক অথবা সম্পাদকে কেন্দ্ৰীয় ফিল্ম অনুমোদন বোৰ্ডৰ পৰা আগতীয়া অনুমতি লোৱাৰ লগতে প্ৰতিৰক্ষা বিভাগৰ পৰাও অনুমতি ল'ব লাগিব বুলি প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক : কোভিড-19ৰ সময়ত নগৰীয়া অঞ্চলত ভয়ানকভাৱে বৃদ্ধি পানীৰ ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.