ETV Bharat / bharat

কোৱান্টাৰাইন সুবিধাৰ বাবে কেন্দ্ৰৰ দিক-নিৰ্দেশনা জাৰি - কেন্দ্ৰৰ দিক-নিৰ্দেশনা

কোৱান্টাৰাইনৰ সময়চোৱাত , প্ৰতিদিনে লোকজনৰ জ্বৰ বা আন কোনো লক্ষণে দেখা দিছে নেকি তাক নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে । এই নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ পাইছে ।

কোৱান্টাৰাইন সুবিধাৰ বাবে কেন্দ্ৰৰ দিক-নিৰ্দেশনা জাৰি

author img

By

Published : Apr 6, 2020, 11:46 AM IST

নতুন দিল্লী, 6 এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেওবাৰে কোভিড-19 সংক্ৰমন ৰোধৰ বাবে কোৱাৰান্টাইন ব্যৱস্থাৰ বাবে থকা সুবিধাৰ ক্ষেত্ৰত এক দিশ-নিৰ্দেশনা জাৰি কৰে । নিৰ্দেশনাটোত উল্লেখ আছে যে, কোৱাৰান্টাইন কেন্দ্ৰ সমূহ চহৰৰ পৰা নিলগত হোৱাতো উচিত আৰু এনে ধৰণৰ হ'ব লাগে যাতে চিকিৎসা কৰ্মী আৰু তাত থকা লোক সকলে কম পৰিমানে বাৰ্তালাপ কৰিলেও হয় ।

কোৱান্টাৰাইনৰ সময়চোৱাত, প্ৰতিদিনে লোকজনৰ জ্বৰ বা আন কোনো লক্ষণে দেখা দিছে নেকি তাক নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে । এই নিৰ্দেশনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবচাইটত প্ৰকাশ পাইছে ।

সংশয়ৰ পৰিমানৰ বুজ লৈ কম শংকা পূৰ্ণ এলেকা, মধ্যম শংকা পূৰ্ণ এলেকা আৰু অধিক শংকাপূৰ্ণ এলেকা হিচাপে কোৱান্টাৰাইন কেন্দ্ৰৰ স্থান সমূহক চিনাক্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

কোৱান্টাৰাইন কেন্দ্ৰত মুখ্য স্বাস্থ্য বিষয়া গৰাকীক ভাৰপ্ৰাপ্ত বা নোডেল বিষয়া হিচাপে নিয়োগ কৰাৰ পৰামৰ্শ দিছে যাতে সামগ্ৰীক পৰিস্থিতি চোৱা-চিতা কৰিব পাৰে ।

পৰামৰ্শৱলীত লগতে কোৱা হৈছে যে, কৰ্তব্যত ডাক্তৰ, বিশেষজ্ঞ, মাইক্ৰ বায়লজিষ্ট, মনোৰোগ বিশেষজ্ঞ তথা শিশু বিশেষজ্ঞৰ লগতে প্ৰয়োজনীয় সকলোকে নিয়মিত পৰীক্ষণৰ কৰিব লাগে ।

জীৱনদায়িনী এম্বুললেন্স সমূহক পৰিবহণ ব্যৱস্থাৰ বাবে ষ্টেণ্ডবাই অৱস্থাত ৰখাৰো পৰামৰ্শ প্ৰদান কৰিছে । লগতে কোৱাৰান্টাইন কেন্দ্ৰত থকা লোক সকলক পেকেটিং খাদ্য যোগান ধৰাৰ লগতে প্ৰতিখন বিচনা পৰস্পৰ বিপৰীতমুখী ধৰণে 1 বা 2 মিটাৰ দূৰত্বত স্থাপন কৰিবলৈ কোৱা হৈছে ।

কোৱান্টাৰাইনত থকা লোক সকলক 14 দিনৰ পাচত ফলাফল নিগেটিভ আহিলে ঘৰলৈ পঠিয়াবলৈ কোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.