ETV Bharat / bharat

ঈদৰ প্ৰাকক্ষণত ভাৰত-বাংলা সীমান্তত অধিক নিৰাপত্তাৰক্ষী মোতায়েন

author img

By

Published : Jul 7, 2020, 10:44 PM IST

ঈদৰ প্ৰাক মুহূৰ্তত বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহ কৰাৰ বাবে ভাৰতীয় সুৰক্ষা বলৰ দক্ষিণ বংগ ফ্ৰন্টিয়াৰে ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বাহিনী বৃদ্ধি কৰি দিয়ে বুলি জানিব পৰা গৈছে । ভাৰতীয় সেনাৰ এগৰাকী জেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য । লগতে বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, তেওঁলোকৰ হাতত আহি পৰা তথ্য অনুসৰি, উক্ত সীমান্তৰে অবৈধভাবে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সম্ভাৱনা আছে ।

bsf-tightens-vigil-along-indo-bangla-border-to-prevent-cattle-smuggling

নিউজ ডেস্ক, ৭ জুলাই : ঈদৰ প্ৰাক মুহূৰ্তত বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহ কৰাৰ বাবে ভাৰতীয় সুৰক্ষা বলৰ দক্ষিণ বংগ ফ্ৰন্টিয়াৰে ভাৰত-বাংলাদেশ সীমান্তত নিৰাপত্তা বাহিনী বৃদ্ধি কৰি দিয়ে বুলি জানিব পৰা গৈছে । ভাৰতীয় সেনাৰ এগৰাকী জেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য । লগতে বিষয়া গৰাকীয়ে জনোৱা অনুসৰি, তেওঁলোকৰ হাতত আহি পৰা তথ্য অনুসৰি, উক্ত সীমান্তৰে অবৈধভাবে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সম্ভাৱনা আছে । বিগত বছৰতো নিৰাপত্তা বাহিনী বৃদ্ধি কৰাৰ বাবে গৰু সৰবৰাহ কৰিব পৰা নাছিল গতিকে চলিত বৰ্ষতো সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনী বৃদ্ধি কৰিছে বুলি জানিব দিয়ে ।

আন এগৰাকী বিষয়াই জনোৱা অনুসৰি, চোৰাং বেপাৰীৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ অন্য ব্যৱস্থা অবলম্বন কৰা বুলিও উল্লেখ কৰে । চোৰাং ব্যৱসায়ী সকলে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং বেহা চলোৱা বুলিও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

সেনাৰ বিবৃতিত প্ৰকাশ কৰা অনুসৰি, মালদা, বঢ়মপুৰ, নিম তিতা, হাৰুডাংগা, মদনঘাট অঞ্চলত নিৰাপত্তা বাহিনী বৃদ্ধি কৰা বুলি জানিবলৈ দিয়ে । লগতে সুৰক্ষা বাহিনীয়ে স্থানীয় আৰক্ষীৰ সহযোগত অভিযান আৰম্ভ কৰিছে বুলিও সেনাৰ বিবৃতিত উল্লেখ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.