ETV Bharat / bharat

হিন্দী চিনেমাৰ কথাবোৰৰ দৰেই চৰ্চালৈ অহা এখন বিশেষ বিবাহ

author img

By

Published : Dec 22, 2020, 9:13 PM IST

বলিউদৰ বিখ্যাত বিবাহ নামৰ কথাছবিখন বহুতৰে প্ৰিয় ৷ চিনেমাখনত প্ৰেমে কিদৰে পুনমক নিজৰ জীৱনসংগী হিচাপে আকোৱালি লৈছিল সেয়া সকলোৰে মনত আছে ৷ ঠিক অনুৰূপ ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশত ৷

হিন্দী চিনেমাৰ দৰেই কথাবোৰ সঁচাকৈ, বিশেষ প্ৰতিবেদন

নিউজ ডেস্ক, 22 ডিচেম্বৰ : বিবাহৰ দৰে পবিত্ৰ সম্পৰ্ক, জীৱনৰ তিনি সত্যৰ অন্যতম, পূৰ্বে কাহানিও নোহোৱা উদাহৰণ তুলি ধৰিলে দৰাপক্ষই ৷ সততে হত্যা-হিংসা-ধৰ্ষণ আদিৰ দৰে ঘটনাৰে সংবাদ শীৰ্ষত থকা উত্তৰ প্ৰদেশত সংঘটিত এখন বিশেষ বিবাহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

পৰিয়ালৰ সৈতে আৰতি আৰু অবধেশ

প্ৰতাপগড় জিলাৰ কুণ্ডা অঞ্চলত সংঘটিত হৈছে এই বিবাহ ৷ দৰাচলতে এয়া এক মহান উদাহৰণ বুলি ক'লেও বেছি বহলাই কোৱা নহ'ব ৷ ঘটনা অনুসৰি, 8 ডিচেম্বৰত সম্পন্ন হ'বলগীয়া আছিল আৰতি আৰু অৱধেশৰ বিবাহ ৷ কিন্তু বিবাহৰ 8 ঘন্টা পূৰ্বেই এগৰাকী কনমানিক বচাবলৈ গৈ বাগৰি পৰে কইনা আৰতি ৷ যাৰ ফলত কঁকালৰ হাড় ভাঙি চিকিৎসাধীন হ'বলগীয়া হয় ৷ এনে অৱস্থাত কইনাপক্ষই হেঁপাহৰ বিয়াখন ৰক্ষা কৰিবলৈ কইনাৰ ভনীয়েকক অবধেশৰ সৈতে বিবাহ দিবলৈ সিদ্ধান্ত লয় ৷

বিশেষ বিবাহখন

কইনাপক্ষৰ এই সিদ্ধান্তৰ বিষয়ে জানিব পৰা ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰে দৰাপক্ষই ৷ ইয়াৰ বিপৰীতে চিকিৎসালয়লৈ গৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে আৰতিক পত্নী হিচাপে শিৰত সেন্দুৰ দি গ্ৰহণ কৰে অবধেশে ৷ অৱধেশৰ এই সিদ্ধান্তৰ বিষয়ে জানিব পাৰি আটাইৰে চকুৰে আনন্দৰ চকুপানী নিগৰে ৷

আৰতি আৰু অবধেশ

আজিৰ দিনত এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰাটো কোনো সহজ নহয় ৷ কিন্তু সময়ৰ বিপৰীতে নগৈ অবধেশে লোৱা সিদ্ধান্তমৰ্মে নিৰ্দিষ্ট সময়ত আৰতিক পত্নী হিচাপে গ্ৰহণ কৰাৰ উপৰিও আৰতি ঠিক নোহোৱালৈকে তেওঁৰ সৈতেই চিকিৎসালয়ত থকাৰ সিদ্ধান্ত লয় অবধেশে ৷

লগতে পঢ়ক : পৰ্যটকৰ সুবিধাৰ বাবে ডিমা হাছাওত ভিষ্টাডম ৰে'ল চলাচল কৰাৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.