নেশ্যনেল ডেস্ক,৮ছেপ্টেম্বৰ : বাইক চুৰিৰে জড়িত থকাৰ অপৰাধত গৃহৰক্ষী জোৱানসহ ৬জনক গ্ৰেপ্তাৰ কৰিছে উৰিষ্যা আৰক্ষীয়ে । মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুৰি হোৱা বহু সংখ্যক বাইক । বাইক চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত ছেৰাংগ' আৰক্ষী থানাত কৰ্মৰত এজন গৃহৰক্ষী জোৱানকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।
দীৰ্ঘদিন ধৰি ধৃত চোৰকেইটাক এই চুৰি কাৰ্যত সহায় কৰি আহিছিল গৃহৰক্ষী জোৱানজনে । ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২৪খন চুৰি বাইক ।