ETV Bharat / bharat

অৰুণাচলত ক্ষোভৰ জুই - ইটিভি ভাৰত

প্ৰতিবাদীক সংযম ৰক্ষা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

etv bharat
author img

By

Published : Feb 25, 2019, 4:31 PM IST

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশত বিৰাজমান পৰিস্থিতিসন্দৰ্ভত মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে প্ৰকাশ কৰিছেপ্ৰতিক্ৰিয়া।

etv bharat
pema khandu
স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ( পিআৰচি) প্ৰদানৰ বিষয়ত কোনোধৰণৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ নকৰে অৰুণাচল প্ৰদেশ চৰকাৰে। সেয়ে প্ৰতিবাদকাৰীসকলক শান্তি-সম্প্ৰীতি ৰক্ষা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২২ ফেব্ৰুৱাৰীতে এই বাৰ্তা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণাচলৰ জনসাধাৰণ পিআৰচি সন্দৰ্ভত উৎকণ্ঠিত হোৱাৰ কোনো প্ৰয়োজন নাই। অৰুণাচলৰ বিক্ষোভৰ আঁৰত বিৰোধীৰ হাত থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

Assure people that govt. will never take up PRC matter: Pema Khandu

অৰুণাচলত ক্ষোভৰ জুই, প্ৰতিবাদীক ক্ষান্ত হ'বলৈ আহ্বান পেমা খাণ্ডুৰ

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : অৰুণাচল প্ৰদেশ বিক্ষোভ সন্দৰ্ভত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতিক্ৰিয়া। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ( পিআৰচি) প্ৰদানৰ বিষয়ত কোনোধৰণৰ পৰৱৰ্তী কাৰ্যপন্থা গ্ৰহণ নকৰে অৰুণাচল প্ৰদেশ চৰকাৰে। প্ৰতিবাদকাৰীক ক্ষান্ত থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। 

২২ ফেব্ৰুৱাৰীতে এই বাৰ্তা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণাচলৰ জনসাধাৰণ পিআৰচি সন্দৰ্ভত উৎকণ্ঠিত হোৱাৰ কোনো প্ৰয়োজন নাই। সকলো প্ৰতিবাদকাৰীকে ক্ষান্ত থাকিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে। অৰুণাচলৰ বিক্ষোভত কোনো বিপৰীত পন্থীৰ হাত আছে বুলিও প্ৰকাশ কৰে পেমা খাণ্ডুৱে। ইতিমধ্যেই প্ৰতিবাদী কাৰ্যপন্থাৰ উচিত তদন্তৰ বাবে এখন তদন্তকাৰী সন্থা গঠন কৰিছে ৰাজ্য চৰকাৰে। তদুপৰি সমস্যা সমাধানৰ বাবে অৰুণাচল প্ৰদেশত আজি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত এখন সৰ্বদলীয় বৈঠকো অনুষ্ঠিত হৈছে ।

উল্লেখ্য যে, অনা-অৰুণাচলীক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিষয়ত বিৰোধিতা কৰি ৰাজধানী চহৰ ইটানগৰত ৪৮ ঘণ্টা জুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। অৰুণাচল প্ৰদেশ চিডিউল ট্ৰাইব (এপিএচটি) ৰ সদস্যই দেশখনৰ উপ মুখ্যমন্ত্ৰী চাউনা মেইনৰ ব্যক্তিগত বাসভৱনত অগ্নি সংযোগ কৰাৰ লগতে চৰকাৰী বাহনতো জুই লগাই সাব্যস্ত কৰিছিল প্ৰতিবাদ । ইটানগৰৰ বিভিন্নখন আৰক্ষী চকীতো অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে।  পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেনাই ফ্লেগ মাৰ্চ কৰিছিল যদিও বৰ্তমানেও অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি । অৰুণাচলত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পাচতে বুধবাৰে ৰাজ্যখনত অল ইডু মিছিমি ছাত্ৰ সন্থাই ঘোষণা কৰিছে ১২ ঘন্টীয়া অৰুণাচল বন্ধৰ । সোমবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ৰাজ্যখনত ঘোষণা কৰা হৈছে বন্ধ ।
khnadufeb25.JPG
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.