ETV Bharat / bharat

কংগ্ৰেছ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ - নিখিল ভাৰত কংগ্ৰেছ কমিটী

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ অসম কংগ্ৰেছৰ 13 জনীয়া প্ৰতিনিধিৰ ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চি সন্দৰ্ভত বিতং আলোচনা কৰাৰ কথা উল্লেখ প্ৰতিনিধি দলৰ ৷

কংগ্ৰেছ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ প্ৰতিনিধিৰ
author img

By

Published : Nov 18, 2019, 4:18 PM IST

নতুন দিল্লী,18 নৱেম্বৰ: সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ 13 জনীয়া এটা বিশেষ প্ৰতিনিধি দলে নতুন দিল্লীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ কৰে ৷ প্ৰতিনিধি দলটোক নেতৃত্ব প্ৰদান কৰে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা দলৰ শীৰ্ষনেতা অজন্তা নেওগ আৰু ৰকিবুল হুছেইনে ৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাকমূহুৰ্তত প্ৰতিনিধি দলটোৱে দলৰ সাধাৰণ সম্পাদকগৰাকীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চিৰ সন্দৰ্ভত এলানি আলোচনাত মিলিত হয় ৷ বৈঠকত এই দুই প্ৰধান ইছ্যু সন্দৰ্ভত নিখিল ভাৰত কংগ্ৰেছৰ স্থিতি সন্দৰ্ভতো বিতং আলোচনা সম্পন্ন হয় ৷

কংগ্ৰেছ সাধাৰণ সম্পাদক কে চি বেণুগোপালক সাক্ষাৎ অসম প্ৰদেশ কংগ্ৰেছ প্ৰতিনিধিৰ

সংবাদ মাধ্যমৰ সৈতে হোৱা এক চমু সাক্ষাতকাৰত অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুলে হুছেইনে আলোচনাত স্থান লাভ কৰা বিষয়বস্তু সন্দৰ্ভত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সমান্তৰালভাৱে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়েও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব ৷ তদুপৰি নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ সৈতে এন আৰ চিত প্ৰকৃত ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ সন্দৰ্ভত এক বিতং আলোচনা সম্পন্ন হয় বুলি উল্লেখ কৰে কংগ্ৰেছ বিধায়ক গৰাকীয়ে ৷ আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীত সভাপতি পদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বাদ-বিবাদৰ উক্ত বৈঠকত কোনো আলোচনা হোৱা নাই বুলি সংবাদ মাধ্যমক অৱগত কৰে ৰকিবুল হুছেইনে ৷

এন আৰ চিৰ পৰা নাম বাদ পৰা প্ৰকৃত ভাৰতীয় তথা খিলঞ্জীয়া অসমীয়া লোকৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰাত প্ৰদেশ কংগ্ৰেছে যথাযোগ্য সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷ তাৰোপৰি এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ভাৰতীয় বাঙালী হিন্দু, গোৰ্খাৰ লগতে আৰু অন্যান্য প্ৰকৃত ভাৰতীয় তথা খিলঞ্জীয়া অসমীয়া লোকৰ নাম বাদ পৰা বুলি প্ৰসংগ ক্ৰমে উল্লেখ কৰে ৰকিবুল হুছেইনে ৷

আৰু পঢ়ক ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব শাৰদ পাৱাৰে

Intro:Body:

AICC CALLED APCC

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.