নিউজ ডেস্ক, 24 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে শ্ৰীনগৰ আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এগৰাকী সেনাৰ লগত দুগৰাকী স্থানীয় যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, 17 বিহাৰ ৰেজিমেন্টৰৰ ৰৌশন কুমাৰ নামৰ সেনাজনক শ্ৰীনগৰৰ তেতবাল অঞ্চলত 2 গৰাকী যুৱতীৰ সৈতে শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন যুৱতী দুগৰাকী উত্তৰ কাশ্মীৰৰ কুপবাড়া জিলাৰ কৰনাহ তেতবাল অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, আটকাধীন তিনিওগৰাকী লোক দিল্লীলৈ ৰাওনা হ'বৰ বাবে উক্ত ঠাইত উপস্থিত হৈছিল ৷ বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰিছে তিনিওকে ৷ ইতিমধ্যে, আটকাধীন তিনিওগৰাকীকে তদন্তৰ বাবে সদৰ আৰক্ষীক গতাই দিয়া হৈছে ৷
লগতে পঢ়ক : কৃষকৰ ধৈৰ্যৰ বান্ধ নিছিঙিবলৈ চৰকাৰক আহ্বান কৃষক সভাৰ
উল্লেখ্য যে, বিগত সপ্তাহত অৰ্থাৎ 12 ছেপ্তেম্বৰৰ দিনা পুনৰ সেনাৰ জোৱানৰ সৈতে 13 গৰাকী স্থানীয় যুৱতীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ ইতিমধ্যে, সেনা জোৱান ৰৌশন কুনাৰৰ বিৰুদ্ধে আৰক্ষীয়ে অনুশাসনমূলক গোচৰ ৰুজু কৰিছে ৷
উল্লেখ্য যে, 2019 বৰ্ষতও সেনাৰ উচ্চপ্ৰদস্থ বিষয়া মেজৰ লিতুল গগৈয়ে স্থানীয় মহিলা এগৰাকীৰ সৈতে অনৈতিক কাৰ্যৰে লিপ্ত থকাৰ অভিযোগত মেজৰ লিতুল গগৈৰ বিৰুদ্ধে কঠোৰ হৈছিল সেনাবাহিনীৰ কৰ্তৃপক্ষ ৷ ইয়াৰ উপৰিও, সেনাবাহিনীৰ জীপত এগৰাকী সাধাৰণ লোকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসমৰ মেজৰ লিটুল গগৈৰ বিৰুদ্ধে সেনাবাহিনীয়ে লৈছিল শাস্তিমূলক ব্যৱস্থা ।
অভিযোগ অনুসৰি, কাশ্মীৰৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰি তেওঁক শ্ৰীনগৰৰ এখন হোটেলত লগ ধৰা ঘটনা সম্পৰ্কত সেনাবাহিনীয়ে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁক 6 মাহৰ বাবে জ্যেষ্ঠতাৰ পৰা অৱনমিত কৰিছিল ।
লগতে পঢ়ক : মাজুলীত আছুৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও