ETV Bharat / bharat

হান্দৱাৰা এনকাউন্টাৰত মৃত জোৱানলৈ সেনা প্ৰধানৰ শ্ৰদ্ধাঞ্জলি - কুপৱাৰা জিলাৰ হান্দৱাৰাৰ ছাংগিমুল্লা

হান্দৱাৰা এনকাউন্টাৰত মৃত সেনালৈ সেনা প্ৰধান এম. এম. নৰাৱনেৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত নিহত হৈছিল নিৰাপত্তা বাহিনীৰ পাঁচজনকৈ লোক ।

এম. এম. নৰাৱনে
হান্দৱাৰা এনকাউন্টাৰত মৃত জোৱানলৈ সেনা প্ৰধানৰ শ্ৰদ্ধাঞ্জলী
author img

By

Published : May 3, 2020, 5:17 PM IST

নেশ্য়নেল ডেস্ক, 3 মে' : কাশ্মীৰৰ হান্দৱাৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত নিহত সেনা আৰু জম্মু-কাশ্মীৰৰ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থল সেনা প্ৰধান এম. এম. নাৰাভানে ৷

"দেশৰ নাগৰিকৰ প্ৰাণ সুৰক্ষিত কৰি ৰাখিবৰ বাবে এই জোৱানসকল দৃঢ় প্ৰতিজ্ঞ ৷ কমাণ্ডিং অফিচাৰে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰাই 'Service before Self' আদৰ্শক সূচায়" - এই মন্তব্য তথ্য সম্প্ৰচাৰৰ অতিৰিক্ত মহানিৰ্দেশক গৰাকীৰ ৷

  • The #ArmedForces are proud of their courage as they have successfully eliminated the terrorists. We salute these brave personnel and express our deep felt condolences for the bereaved families.

    — ADG PI - INDIAN ARMY (@adgpi) May 3, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সেনা বাহিনীয়ে শ্বহীদ কৰ্নেল আশুতোষ শৰ্মা, মেজৰ অনুজ চুড, নায়ক ৰাকেশ কুমাৰ, লেন্সনায়ক দিনেশ সিং আৰু আৰক্ষী বিষয়া শাকিল কাজীক চালাম জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ শোক প্ৰকাশ কৰে ৷

ভাৰতীয় সেনা বাহিনীয়ে এক বিবৃতি প্ৰকাশ কৰিছিল যে, কুপৱাৰা জিলাৰ হান্দৱাৰাৰ ছাংগিমুল্লাত এটা ঘৰৰ লোকক সন্ত্ৰাসবাদীয়ে আৱদ্ধ কৰি ৰখাৰ খবৰ লাভ কৰাৰ পাচতে সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাইছিল ৷ ইয়াৰ পাচতে 5 জনীয়া সেনা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ঘৰটোত প্ৰৱেশ কৰি লোকসকলক মুক্ত কৰে ৷ এই অভিযানত সন্ত্ৰাসবাদীয়ে সেনা বাহিনীলৈ তীব্ৰ গুলীবৰ্ষণ কৰে ৷

সেনা বাহিনীয়ে কয়, "এই গুলীবৰ্ষণত দুই সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে দুজন সেনা বিষয়া, দুই সেনা জোৱান আৰু এজন জম্মু-কাশ্মীৰৰ আৰক্ষী জোৱানৰ মৃত্যু হয় ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.