ETV Bharat / bharat

কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন - লাডাখত ভাৰতীয় সেনাৰ লজিষ্টিকছ

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত চলি থকা উত্তেজনাৰ মাজতে আহিবলগীয়া শীতকালৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ভাৰতীয় সেনা ৷ বিশেষকৈ অতি উচ্চতাত চাউনীসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ ইতিমধ্যেই ভাৰতীয় সেনাই লজিষ্টিকছ আৰু অন্যান্য টেন্ট জাতীয় সামগ্ৰীৰ লগতে ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰৰ এক বৃহৎ ভাণ্ডাৰ সাজু কৰি তুলিছে আৰু এইসমূহ সামগ্ৰী লাডাখত মজুত ৰখাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় স্থলসেনা ৷

কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন

author img

By

Published : Sep 16, 2020, 5:45 PM IST

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ : শৰীৰৰ উত্তাপ বৃদ্ধি কৰা সামগ্ৰীৰ পৰা ৰেচন আৰু সাজ-পোচাক, ইন্ধন আৰু টেন্ট, আদি সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰীৰ যোগান মজুত কৰি ৰখাৰ বাবে সাজু হৈছে ভাৰতীয় সেনা ৷ চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণৰেখাত বৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই স্থলসেনাই আগন্তুক শীতকালৰ বাবে মাৰ বান্ধি ঠিয় হৈছে ৷ স্থলসেনাৰ ফায়াৰ এণ্ড ফিউৰি ক'ৰৰ অধীনত এইদৰে বৃহৎ পৰিমানৰ লজিষ্টিকছ আৰু অস্ত্ৰভাণ্ডাৰ সাজু কৰি তুলিছে ভাৰতীয় স্থলসেনাই ৷ শূণ্যৰ তলত যোৱা উষ্ণতাৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বহুকেইটা অঞ্চলত সাধাৰণ জীৱন যাপন একেবাৰে জটিল হৈ পৰে যদিও ভাৰতীয় স্থলসেনাই এইবাৰৰ শীতকালৰ বাবে নিজকে মানসিক আৰু শাৰিৰীকভাৱে সম্পূৰ্ণৰূপে সাজু কৰি লৈ চীনৰ বিৰুদ্ধে যিকোনো পৰিস্থিতিৰে মুখামুখি হ'বলৈ প্ৰস্তুত হৈছে ৷

ভাৰতীয় সেনাৰ শক্তি সন্দৰ্ভত মেজৰ জেনেৰেল অৰবিন্দ কাপুৰ

লগতে পঢ়ক : চীনৰ চোৰাংচোৱা সংস্থাৰ নজৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা শচীন তেণ্ডুলকাৰলৈকে বহুকেইজন

স্থলসেনাৰ ফায়াৰ এণ্ড ফিউৰি ক'ৰ (ছিক্সটিন ক'ৰ)ৰ প্ৰধান, মেজৰ জেনেৰেল অৰবিন্দ কাপুৰে এই কথা প্ৰকাশ কৰিছে ৷ জ্যেষ্ঠ সেনা বিষয়াগৰাকীৰ ভাষ্য অনুসৰি, পাকিস্তান আৰু চীনৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় স্থলসেনাই ইতিমধ্যেই নিজকে মানসিকভাৱে সাজু কৰি তুলিছে আৰু এতিয়া শাৰিৰীক তথা বস্তুগতভাৱেও স্থলসেনা একেবাৰে প্ৰস্তুত বুলি জনায় বিষয়াগৰাকীয়ে ৷ কাৰ্গিলৰ পৰা আৰম্ভ কৰি লাডাখলৈকে ভাৰতীয় স্থলসেনাৰ বাবে এইবাৰ শীতকালত দুগুণ প্ৰত্যাহ্বান থাকিব যদিও ইয়াৰ সৈতে মুখামুখি হ'বলৈ সম্পূৰ্ণৰূপে সাজু ভাৰতীয় স্থলসেনা ৷ ইতিমধ্যেই ভাৰতীয় স্থলসেনাই চীনৰ সৈতে হোৱা উদ্বেগজনক পৰিস্থিতিৰ পিচতে চীনক একপ্ৰকাৰে আচম্বিত কৰি লাডাখৰ বহু ঠাইত শীৰ্ষ উচ্চতাত অৱস্থান কৰিছে আৰু ইয়াৰ পৰা চীনা সৈন্যক নজৰত ৰাখিব পৰাকৈ ভাৰতীয় স্থলসেনাই সকলো যোগাৰ মজুত কৰি ৰাখিছে ৷

কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা, বিশেষ প্ৰতিবেদন
লাডাখৰ বাবে সাজু বফৰ্ছ গান

জ্যেষ্ঠ সেনা বিষয়া মেজৰ জেনেৰেল অৰবিন্দ কাপুৰে প্ৰকাশ কৰা অনুসৰি, মানালী আৰু লেহ তথা জম্মু-শ্ৰীনগৰ-লেহ সংযোগী পথছোৱাই হৈছে ভাৰতীয় স্থলসেনাৰ বাবে শীতকালত যোগাযোগৰ একমাত্ৰ দিশ ৷ ইতিমধ্যে ইয়াৰ বাবে স্থলসেনাই নিজৰ যোগান মজুত ৰাখিবলৈ আৰম্ভ কৰিছে আৰু আগন্তুক ছমাহৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় স্থলসেনা ৷ স্থলসেনাৰ লজিষ্টিকছৰ দায়িত্বত থকা বিষয়া ব্ৰীগেডিয়াৰ ৰাকেশ মানোছাৱে জনোৱা অনুসৰি, বৰ্তমান সময়ত ভাৰতীয় সেনাৰ বাবে লজিষ্টিকছৰ ক্ষেত্ৰত বহুখিনি উন্নয়ন সাধন হৈছে আৰু একমাত্ৰ লজিষ্টিকছৰ বাবেই ভাৰতীয় সেনাই যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখি হ'বলৈ একেবাৰে প্ৰস্তুত আছে ৷ একেইখিনি কথাকে ব্ৰীগেডিয়াৰ এ এছ ৰাথোড়েও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

ভাৰতীয় স্থলসেনাৰ শক্তিশালী লজিষ্টিকছ

চলিত বৰ্ষত চীনৰ সৈতে ভাৰতীয় স্থলসেনাই বহুকেইবাৰ মুখামুখি সংঘৰ্ষত মিলিত হৈছে ৷ এনে পৰিস্থিতি আগন্তুক শীতকালতো যে এনেকুৱা মুখামুখিৰ সন্মুখীন নহ'ব তাক উলাই কৰিব নোৱাৰি ৷ যাৰ বাবেই ভাৰতীয় স্থলসেনাই ইতিমধ্যে উচ্চতাত নিজৰ শক্তিসমূহ মজুত কৰিবলৈ আৰম্ভ কৰিছে ৷ ভাৰতীয় সেনাই এটিএজিএছকে ধৰি বফৰ্চ, ৰূদ্ৰা তথা আপাচি হেলিকপ্টাৰ, টেজাচ আৰু শেহতীয়াকৈ সংযোজন কৰা ৰাফেল যুদ্ধবিমান পূৰ্বৱৰ্তী সীমান্ত অঞ্চলত থকা ঘাটিসমূহত মোতায়েন কৰি ৰাখিছে ৷ সাগৰপৃষ্ঠৰ পৰা 14,000 ফুট উচ্চতাত থকা লাডাখৰ পাংগং ছ্য আৰু গালৱান ভেলীত মোতায়েন হ'বলগীয়া 35,000 জোৱানৰ বাবে এইসমূহ অতিৰিক্ত যোগান মজুত কৰিছে ভাৰতীয় সেনাই ৷ ভাৰতীয় সেনাৰ এই কামত লাডাখৰ স্থানীয় লোকসকলেও সহযোগ কৰা পৰিলক্ষিত হৈছে ৷

স্থলসেনাৰ বাবে সাজু বিশেষ বাহন

উল্লেখ্য যে, শীতকালৰ বাবে মোতায়েন হোৱা বাহিনীসমূহৰ বাবে প্ৰতিৰক্ষা বিভাগক প্ৰয়োজন হয় অতিৰিক্ত 400 কোটি টকা ৷ অৰ্থাৎ শীতকালত লাডাখ তথা প্ৰকৃত নিয়ন্ত্ৰণৰেখাত নিয়োগ হোৱা প্ৰতিগৰাকী সৈনিকৰ বাবে ভাৰতীয় সেনাই ব্যয় কৰে প্ৰায় 1 লাখ টকা ৷ এই 1 লাখ টকা সেনাৰ বিশেষ কাপোৰ আৰু পৰ্বতাৰোহী সামগ্ৰী (Special Clothing and Mountaineering Equipment, SCME)ৰ বাবে ব্যয় কৰা হয় ৷ এই বিশেষ কাপোৰ তথা সামগ্ৰীৰ ভিতৰত তিনিতৰপীয়া জেকেট আৰু ট্ৰাউজাৰ, বুট, স্নো গগল্ছ, ফেছ মাস্ক, ৰাকছাকছ আৰু অন্যান্য সামগ্ৰীসমূহ অন্যতম ৷ শীতকালত এইটো অঞ্চলত মোতায়েন হোৱা সৈনিকসকলৰ বাবে প্ৰতিদিনেই প্ৰায় 35টা বিভিন্ন ধৰণৰ সামগ্ৰী যোগান ধৰা হয় ৷

শীতকালত ভাৰতীয় সেনাই ব্যৱহাৰ কৰা বিশেষ টেন্ট

বিগত 45 বৰ্ষত এটাও গুলি নুফুটোৱা প্ৰকৃত নিয়ন্ত্ৰণৰেখাত গালৱান ভেলী সংঘৰ্ষৰ পিচতেই বিগত 20 দিনত 3বাৰ গুলিচালনাৰ ঘটনা সংঘটিত হৈছে ৷ পাংগং ছ্যৰ দক্ষিণ প্ৰান্তত 20-30 আগষ্টৰ নিশা, 7 ছেপ্তেম্বৰত মুখপুৰি উচ্চতাত আৰু পাংগং ছ্যৰ উত্তৰ প্ৰান্তত 8 ছেপ্তেম্বৰত গুলিচালনাৰ ঘটনা সংঘটিত হৈছিল ৷

কাৰ্গিল 2.0ৰ বাবে সাজু ভাৰতীয় সেনা

এনে অৱস্থাত আগন্তুক শীতকালৰ বাবে নিজকে প্ৰস্তুত কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ভাৰতীয় স্থলসেনাই ৷ ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌ-সেনাৰ সহযোগত স্থলসেনাই সম্পূৰ্ণৰূপে এইটো অঞ্চলত নিজৰ খোপনি পুতিবলৈ ইতিমধ্যেই সক্ষম হৈছে আৰু আগন্তুক শীতকালতো ইয়াত নিজৰ আধিপত্য বিস্তাৰ কৰি ৰাখিবলৈ আন এক কাৰ্গিল 2.0ৰ বাবে সাজু হৈছে ৷

লগতে পঢ়ক : চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.