ETV Bharat / bharat

নিৰ্যাতিতা কিশোৰীৰ পিতৃৰ অভিযোগক নস্যাৎ কৰিলে ৰাজস্থান আৰক্ষীয়ে - কন্যাৰ ধৰ্ষণ কাণ্ড

কন্যাৰ ধৰ্ষণ কাণ্ডৰ তদন্ত কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ ৰাজস্থানৰ এগৰাকী দুৰ্ভগীয়া পিতৃৰ। ৰাজস্থানৰ বাৰান জিলাত দুই ভগ্নী ধৰ্ষণৰ বলি হৈছিল। কিশোৰী দুগৰাকীৰ ধৰ্ষণৰ তদন্ত কৰাত আৰক্ষী ব্যৰ্থ হৈছে বুলি পিতৃয়ে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰিলে আৰক্ষীয়ে। দুয়োগৰাকী কিশোৰীক ড্ৰাসছ আসক্ত আখ্যা আৰক্ষীৰ।

নিৰ্যাতিতা কিশোৰীৰ পিতৃৰ অভিযোগক নস্যাত্ কৰিলে ৰাজস্থান আৰক্ষীয়ে

author img

By

Published : Oct 1, 2020, 2:23 PM IST

নেশ্যনেল ডেস্ক, ১অক্টোবৰ: ৰাজস্থানত ক্ৰমাতৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। বলাৎকাৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে এগৰাকী দুৰ্ভগীয়া পিতৃয়ে। একেটা পৰিয়ালৰে দুগৰাকী কিশোৰী ধৰ্ষণ কাণ্ডৰ তদন্ত কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে লোকজনে। কোনো বিকৃত মানসিকতাৰ লোকে ফুচুলাই নি লোকজনৰ দুয়োগৰাকী কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰি যোৱা ২০ ছেপ্টেম্বৰত বাৰান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে, বাৰান জিলাৰ কোটবালীৰ লংকা কলনী নিবাসী দুয়োগৰাকী কিশোৰী যোৱা ১৮ছেপ্টেম্বৰৰ নিজ গৃহতে আছিল। কিন্তু ১৯ছেপ্টেম্বৰৰ পুৱা দুয়োগৰাকী কিশোৰী ঘৰত উপস্থিত নথকাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিচাৰ-খোচাৰ কৰাৰ পিছতো কিশোৰী দুগৰাকীৰ সন্ধান উলিয়াব নোৱাৰি পিতৃয়ে ২০ ছেপ্টেম্বৰত বাৰান আৰক্ষী থানাত গোচৰ ৰুজু কৰে। দুয়োগৰাকী কিশোৰী ড্ৰাসছ আসক্ত বুলি ইতিমধ্যে আৰক্ষীয়ে আদালতত ভাষ্য আগবঢ়াইছে। কিশোৰী দুগৰাকীৰ সৈতে এজন যুৱককো আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও পিছত তেওঁক যাবলৈ অনুমতি দিয়ে।

সমগ্ৰ ঘটনাক অন্য ৰূপ দি তদন্ত কৰাত আৰক্ষী বিফল হৈছে বুলি মন্তব্য কৰিছে নিৰ্যাতিতা কিশোৰীৰ পিতৃয়ে। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আৰক্ষীয়ে দুয়োগৰাকী কিশোৰীক উদ্ধাৰ কৰি কিশোৰ কল্যাণ সমিতিৰ হাতত গতাই দিয়ে। স্বাধীনভাৱে জীৱন-যাপন কৰাত পিতৃয়ে সদায় বাধা আৰোপ কৰি আহিছে বুলি নিৰ্যাতিতা কিশোৰীয়ে আদালতত স্বীকাৰোক্তি দিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

লগতে পঢ়ক: মাজুলীত অসম আৰক্ষী দিৱসৰ ব্যতিক্ৰমী কাৰ্যসূচী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.