ETV Bharat / bharat

প্ৰতাৰণা ! দাৰ্জিলিঙৰ পৰা খোজকাঢ়ি অসম অভিমুখে 8 যুৱক - লক্ ডাউনৰ পূৰ্বে দাৰ্জিলিঙলৈ গৈছিল 8 জন অসমীয়া যুৱক

চাকৰিৰ আশাত লক্ ডাউনৰ পূৰ্বে দাৰ্জিলিঙলৈ গৈছিল 8 জন অসমীয়া যুৱক ৷ দাৰ্জিলিঙত চাকৰিৰ নামত প্ৰতাৰণাৰ বলি হৈ খোজকাঢ়িয়েই অসমলৈ যাত্ৰা কৰিছে যুৱককেইজনে ৷ বৃহস্পতিবাৰে জলপাইগুৰিত উপস্থিত হৈছে অসমীয়া যুৱককেইজন ৷

after losing everything in Darjeeling 8 youths are returning to Assam on foot
প্ৰতাৰণা বলি অসমীয়া যুৱক ! দাৰ্জিলিঙৰ পৰা খোজকাঢ়ি অসম অভিমুখে 8জন যুৱক
author img

By

Published : May 8, 2020, 12:39 PM IST

নিউজ ডেস্ক,8 মে' ঃ লক্ ডাউনৰ পূৰ্বে চাকৰিৰ সন্ধানত অসমৰ পৰা দাৰ্জিলিং গৈছিল 8 জন অসমীয়া যুৱক ৷ চাকৰিৰ আশাত যোৱা কাছাৰ জিলাৰ 8জন যুৱকে পিছত বুজি উঠিছিল যে প্ৰতাৰণা হৈছে তেওঁলোকৰ লগত ৷ কিন্তু সেই সময়ত লক্ ডাউনৰ বাবে দাৰ্জিলিঙতে তেওঁলোক আৱদ্ধ হৈ থাকিবলগীয়া হয় ৷ পিছত একো উপায় বিচাৰি নাপাই তেওঁলোকে খোজকাঢ়িয়েই ঘৰলৈ ঘূৰাৰ সিদ্ধান্ত লয় ৷ এনেদৰে আহি আহি বৃহস্পতিবাৰে তেওঁলোক উপস্থিত হয় জলপাইগুৰিত ৷

কাছাৰ জিলাৰ দেশবন্ধু নগৰৰ নিবাসী ৰূপন বসুমতাৰী, আশিস দাসে কলেজত পঢ়ি থকাৰ মাজতে মাহে 15,000 টকীয়া এটা চাকৰিৰ আশাত দাৰ্জিলিঙলৈ গৈছিল ৷ অসমত থাকোঁতে তেওঁলোকক এটা এজেঞ্চিয়ে যোগাযোগ কৰি গৈছিল এই চাকৰি সন্দৰ্ভত ৷ কিন্তু দাৰ্জিলিঙত উপস্থিত হোৱাৰ পিছতহে তেওঁলোকে এই সকলো বিলাক ভুৱা বুলি বুজি উঠে ৷

after losing everything in Darjeeling 8 youths are returning to Assam on foot
দাৰ্জিলিঙৰ পৰা খোজকাঢ়ি অসম অভিমুখে 8জন যুৱক

অৱশেষত সকলো খিনি মিছা বুলি জনাৰ পিছত যুৱক কেইজনে হতাশ হৈ ঘৰলৈ ঘূৰি অহাৰ সিদ্ধান্ত লয় ৷ কিন্তু এই সময়চোৱাতে দেশজুৰি লক্ ডাউন আৰম্ভ হয় ৷ ফলত খোজকাঢ়ি অসমলৈ ঘূৰিবলৈ বাধ্য হয় অসমীয়া যুৱককেইজন ৷ বৃহস্পতিবাৰে জলপাইগুৰিত উপস্থিত হোৱা যুৱককেইজনক এজন শাক-পাচলি বিক্ৰেতাই কিছু খাদ্যৰ যোগান ধৰি সহায় কৰে ৷ তাৰ পিছতে ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটি আৰু জলপাইগুৰি কলেজ পাৰাৰ নিবাসীসকলে খাদ্য আৰু জিৰণিৰ ব্যৱস্থা কৰি দিয়ে যুৱককেইজনক ৷

কাছাৰ জিলাৰ ছাত্ৰ আশীষ দাসে জনোৱা মতে," আমাক প্ৰথমে দাৰ্জিলিং আহিবলৈ ক'লে,সেইকাৰণে আমি আহিছিলো ৷ তাৰ পিছত আমাক মাটিগাৰা আহিবলৈ ক'লে ৷ কিন্তু প্লেচমেন্ট এজেঞ্চিটোৱে আমাক চাকৰি নিদিলে ৷ ওলোটাই পকেটত যি কেইটা টকা আছিল ,সেইকেইটাও হেৰুৱালো ৷ যাৰ বাবে আমি ঘৰলৈ ঘূৰাৰ সিদ্ধান্ত ল'লো ৷"

লগতে পঢ়কঃছীল কৰি দিয়া হ'ল GMCHৰ দুটাকৈ ছাত্ৰাবাস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.