নিউজ ডেস্ক ,১৭জুনঃ মথুৰাত এজন আৰক্ষীৰ হেড কনিষ্টবলে ভিডিঅৰ জৰিয়তে দাবী জনাই যে ক'ৰণাৰ পৰা মুক্ত হ'ব পাৰি । চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ জৰিয়তে কনিষ্টবল ৰাম সেৱক যাদৱ গোবিন্দ নগৰ আৰক্ষী থানাত কৰ্মৰত । কনিষ্টবলজনে চৰকাৰক অনুৰোধ জনাইছে তেওঁক এবাৰ ক'ৰণা মুক্ত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিব লাগে। তেওঁ পোনপটীয়াকৈ ভগৱান কৃঞ্চৰ লগত ক'ৰণাৰ পৰা পৰিত্রাণ পোৱাৰ বাবে কথা পাতিব ।
ইপিনে কনিষ্টবল জনে ভিডিঅৰ জৰিয়তে কয় যে তেওঁ প্ৰতিজন মানুহক সুৰক্ষিত কৰি ৰাখিব পাৰিব ক'ৰণাৰ পৰা লগতে যি সকল আক্ৰান্ত হৈ আছে তেওঁলোকক ক'ৰণা পৰা মুক্ত কৰিব । যদি কোনো ক'ৰণা আক্ৰান্ত ৰোগী ক'ৰণা মুক্ত নহয় তেওঁ যি কোনো শাস্তি গ্ৰহণ কৰিবলৈ সাজু ।