ETV Bharat / bharat

বহুভাষী Covid-19 ট্ৰেকিং এপ 'আৰোগ্য সেঁতু' মুকলি চৰকাৰৰ

ভাৰত চৰকাৰৰ বহুভাষী Covid-19 ট্ৰেকিং এপ 'আৰোগ্য সেঁতু' মুকলি ৷ এপৰ জৰিয়তে দেশবাসীক প্ৰদান কৰা হ'ব বিভিন্ন দিহা-পৰামৰ্শ ৷ কৰ'ণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদান কৰা হ'ব আৰোগ্য এপৰ দ্বাৰা ৷

কৰ'ণা ভাইৰাছ সম্পৰ্কীয় তথ্য প্ৰদান
বহুভাষী Covid-19 ট্ৰেকিং এপ 'আৰোগ্য সেঁতু' মুকলি চৰকাৰৰ
author img

By

Published : May 11, 2020, 3:12 PM IST

নেশ্যনেল ডেস্ক, 11 মে' : Covid-19 ৰ বিৰুদ্ধে যুঁজৰ বাবে দেশবাসীক অত্যাৱশ্যকীয় স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আৰু তথ্য প্ৰদানৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে 'আৰোগ্য সেঁতু' নামৰ এক ম'বাইল এপ ৷ ইয়াৰ জৰিয়তে চৰকাৰে বিশেষকৈ স্বাস্থ্য বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ, আৰু বিভিন্ন সমস্য়াৰ সমাধান, গ্ৰহণ কৰিবলগা বিভিন্ন ব্যৱস্থা আৰু যাৱতীয় নিয়মাৱলী সম্পৰ্কত জনসাধাৰণক অৱগত কৰোৱা হ'ব ৷

  • Government of India launches Aarogya Setu, an App to strengthen our fight against COVID-19. The App will alert users of risk of infection & promote awareness on #COVID19.

    मैं सुरक्षित । हम सुरक्षित । भारत सुरक्षित |

    Android: https://t.co/mBUv2Wwgbw

    IOS: https://t.co/csD4BvKgmH

    — MyGovIndia (@mygovindia) April 2, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কোনো কৰ'ণাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণৰ সম্ভাৱনা কিমান হ'ব পাৰে এই সম্পৰ্কতো এপটোৱে তথ্য প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শও আগবঢ়াব ৷ এই এপটোৱে ব্যক্তিগত ডাটা সংগ্ৰহ কৰিলেও এপতে সুৰক্ষিত থাকিব ৷

বিশিষ্ট শিক্ষাবিদ তথা উদ্যোগিক বিশেষজ্ঞসকলে এই এপৰ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশ একেৰাহে আৰু কঠোৰভাৱে তদন্ত কৰি থাকিব ৷ এণ্ডৰইড অপাৰেটিং ছিষ্টেম সুৰক্ষিত কৰি ৰখাৰ লগতে এপ ব্যৱহাৰকাৰীৰ ম'বাইল ডাটা সংৰক্ষিত কৰি ৰাখিবৰ বাবে কিছুসংখ্যক built-in security features প্ৰদান কৰা হৈছে এপটোত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.