নিউজ ডেস্ক, ১৩ জুনঃ দিল্লীৰ কাৰোল বাগৰ আম আদমী পাৰ্টীৰ বিধায়ক বিভেশ ৰবিয়ে শুকুৰবাৰে দান কৰে প্লাজমা । বিধায়ক গৰাকীৰ দেহত মহামাৰী কৰ'ণাৰ উপস্থিতি নিগেটিভ অহাৰ পাচতে দান কৰে প্লাজমা ।
বিধায়কগৰাকীয়ে বায়ু সেনাৰ এগৰাকী বৰ্ষীয়ান অধিকাৰীক দান কৰে প্লাজমা । তাৰোপৰি বিধায়ক বিভেশ ৰবিৰ ভাতৃ অংকিতেও দান কৰে প্লাজমা ।
ইভিটি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত ৰবিয়ে কয় যে, মই বায়ুসেনাৰ এগৰাকী অধিকাৰীক প্লাজমা দান কৰিছো । বায়ুসেনাৰ বিষয়া গৰাকীৰ পৰিয়ালে এই সন্দৰ্ভত মোৰ সৈতে বাৰ্তালাপ কৰিছিল । যাৰ বাবে মই আৰু মোৰ ভাতৃ AIIMS লৈ আহি প্লাজমা দান কৰো । আনহাতে, বিধায়ক গৰাকীৰ এই পদক্ষেপৰ বাবেই হাস্পতাল কৰ্তৃপক্ষই প্ৰদান কৰে কৰ'ণা যোদ্ধাৰ প্ৰমাণ পত্ৰ ।
উল্লেখ্য যে, আপৰ বিধায়ক বিভেশ ৰবিৰ দেহত বিগত ১ মে'ত কৰ'ণাৰ উপস্থিতি লাভ কৰে । কিন্তু চিকিৎসা প্ৰদানৰ কিছুদিন পাচতে সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠে বিধায়ক গৰাকী ।