ETV Bharat / bharat

পুনৰ সংস্থাপন আম্ফানত ক্ষতিগ্ৰস্ত 285 জোপা গছ

author img

By

Published : Oct 5, 2020, 12:07 PM IST

দক্ষিণ কলকাতাত 'আম্ফান' ঘূৰ্ণী বতাহে বিধ্বস্ত কৰি যোৱা 100বছৰীয়া আঁহত গছত ওলাইছে কুঁহিপাত । প্ৰকৃতিপ্ৰেমী ৰাইজৰ অশেষ চেষ্টাৰ অন্তত প্ৰাণ পাই উঠিছে ধুমুহাই উভালি পেলোৱা 285 জোপা গছ । 25-100বছৰ ধৰি ঐতিহ্য বহন কৰি অহা এই গছবোৰে এতিয়া হাঁহি বিৰিঙাইছে দক্ষিণ কলকাতাৰ ভৱানীপুৰবাসীৰ মুখত ।

'আম্ফান'ৰ প্ৰকোপত উভালি যোৱা ২৮৫জোপা গছত কুঁহিপাত

নেশ্যনেল ডেস্ক, 5 অক্টোবৰ : দক্ষিণ কলকাতাত ন-ৰূপত প্ৰাণ পাই উঠিছে 'আম্ফান' ঘূৰ্ণী বতাহে উভালি পেলোৱা 285 জোপা বৃক্ষ । দক্ষিণ কলকাতাৰ ভৱানীপুৰত স্থানীয় ৰাইজ আৰু কলকাতা পৌৰ নিগমৰ প্ৰচেষ্টাত 100 বছৰীয়া পুৰণি আঁহত গছতো ওলাইছে ন-কুঁহিপাত । 100 বছৰীয়া ইতিহাসৰ সাক্ষী এই গছজোপা বিগত 20 মে'ত ধুমুহাত উভালি পৰিছিল । ভৱানীপুৰবাসীয়ে অশেষ কষ্ট কৰি গছজোপা উঠাই পূৰ্বৰ স্থানত ৰোপণ কৰে । প্ৰকৃতিপ্ৰেমী ৰাইজৰ যত্নত লাহে লাহে গছজোপা ঠন ধৰি উঠে ।

এই গছজোপাৰ ছাঁতে বহি গৰমৰ দিনত দুপৰীয়া দেহা শাঁত পেলাইছে ভৱানীপুৰবাসীয়ে । কণ কণ শিশুৰো খেলাৰ স্থান এই আঁহত গছৰ তল । কেৱল এই জোপা গছেই নহয়, 20 মে'ত ধুমুহাত উভালি পৰিছিল আঁহত, কৃষ্ণচূঁড়া, বকুলকে ধৰি প্ৰায় 1600 জোপা গছ । কিছুমান গছ 25 বছৰৰো অধিক পুৰণি । পানীৰ পাইপ, বৈদ্যুতিক তাঁৰ মাটিৰ তলেৰে নিয়াৰ ব্যৱস্থা কৰাৰ বাবে গছৰ শিপা মাটিৰ গভীৰতালৈ যোৱাত বাধা আহি পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কলকাতা পৌৰ নিগমে ধুমুহাত উভালি পৰা প্ৰায় 300 জোপা গছ পুনৰ ৰোপণ কৰাৰ পৰিকল্পনা হাতত লয় । পৌৰ নিগমৰ সুন্দৰ পদক্ষেপৰ পৰিণতিত লহপহকৈ বাঢ়ি আহে ইয়াৰে 285 জোপা গছ ৷ ভৱানীপুৰৰ 70 নং ৱাৰ্ডত আটাইতকৈ বেছি গছ ৰোপণ কৰা হৈছে । এই ৱাৰ্ডৰ সহায়ক অসীম বসুৱে 20 জোপা গছ পুনৰ ৰোপণ কৰে । উত্তৰ পাৰ্ক, ৰায় স্ত্ৰীট, জাষ্টিচ চন্দ্ৰ মাধৱপুৰ ৰোড, চক্ৰবেৰিয়া ৰোড, ৰবীন্দ্ৰ সৰোবৰ, সুভাষ সৰোবৰত উভালি যোৱা গছ পুনৰ ৰোপণ কৰা হয় ।

সুভাষ সৰোবৰত পুনৰ ৰোপণ কৰা 37 জোপা গছৰ ভিতৰত প্ৰাণ পাই উঠিছে 33 জোপা গছ, ৰবীন্দ্ৰ সৰোবৰত 144 জোপাৰ ভিতৰত 111 জোপা এতিয়া লহপহকৈ বাঢ়িছে আৰু যাদৱপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰোপণ কৰা 65 জোপাৰ গছতে এতিয়া ন-কুঁহিপাত ওলাইছে । বিনষ্ট প্ৰায় অৱস্থাত থকা গছবোৰৰ কুঁহিপাতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে প্ৰকৃতিপ্ৰেমী ৰাইজলৈ ।

লগতে পঢ়ক : কেতিয়া অন্ত পৰিব সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.