ETV Bharat / bharat

বিহাৰত এদিনত আক্ৰান্ত ২৮ গৰাকী, সৰ্বমুঠ সংখ্যা হ'লগৈ ২৫১ - লকডাউন

শনিবাৰে বিহাৰত কোভিড-১৯ ত আক্ৰান্ত হয় ২৮ গৰাকীকৈ লোক । ইয়াৰ ফলত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা হয়গৈ সৰ্বমুঠ ২৫১ গৰাকী ।

বিহাৰত এদিনত আক্ৰান্ত ২৮ গৰাকী
বিহাৰত এদিনত আক্ৰান্ত ২৮ গৰাকী
author img

By

Published : Apr 26, 2020, 3:41 PM IST

নিউজ ডেস্ক, ২৬ এপ্ৰিলঃ বিহাৰৰ ৩৮খন জিলাৰ ভিতৰত ২১খনকৈ জিলাৰ পৰা ২৮গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে । শুকুৰবাৰে ৰাজ্যখনত ৩০গৰাকীকৈ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল । ৰাজ্যখনৰ পাটনা জিলাত ৭গৰাকী, কাইমুৰ জিলাত ৬গৰাকী আৰু বক্সৰ জিলাত ৫গৰাকীকৈ লোক এই ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰ পিচতেই ৰাজ্যখনত সৰ্বাধিক সংখ্যক ২৫১গৰাকী লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় । বিহাৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগতে মুখ্য সচিব সঞ্জয় কুমাৰে প্ৰকাশ কৰিছে এই তথ্য ।

জামালপুৰ টাউনত তিনিটা নতুন ঘটনা পোহৰলৈ অহাৰ লগতে অৰৱাল জিলাত প্ৰথমটো ঘটনা পোহৰলৈ আহিছে । ৰোহটাছত ২টা, গয়া, ভোজপুৰ, চাৰন আৰু বৈশালীত এটাকৈ ঘটনা পোহৰলৈ আহিছে । ৰাজধানী চহৰৰ খাজপুৰাত তিনিগৰাকীকৈ লোক পজিটিভ হোৱাৰ লগতে বেউৰত তিনিগৰাকী লোক কৰ'ণা পজিটিভ পোৱা গৈছে । ইতিমধ্যে জিলা প্ৰশাসনে এই অঞ্চলসমূহত ব্যাপক সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । আনহাতে কাইমুৰ জিলাত আক্ৰান্ত হোৱাসকলৰ ভিতৰত চাৰিগৰাকী আৰক্ষীৰ লোক আছে বুলিও জানিব পৰা গৈছে ।

বিহাৰৰ সৰ্বমুঠ ৩৮ খন জিলাৰ ভিতৰত ২১খন জিলাত কোভিড-১৯ৰ ঘটনা পোৱা গৈছে । বিহাৰত এতিয়ালৈকে ১৫,৮৮৫ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়কঃ সঠিক মানদণ্ডৰ বাবে ৰেপিড এন্টিবডি টেষ্ট পৰীক্ষণত বাধা আই চি এম আৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.