ETV Bharat / bharat

ফলাফলৰ পূৰ্বে নিৰ্বাচন আয়োগক সাক্ষাৎ ২১টা বিৰোধী দলৰ

author img

By

Published : May 21, 2019, 11:19 AM IST

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপি দলৰ প্ৰধান চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত ২১ টা বিভিন্ন দলৰ নেতাই নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ফলাফলৰ পূৰ্বে নিৰ্বাচন আয়োগক সাক্ষাৎ ২১ -টা বিৰোধী দলৰ

দিল্লী, ২১ মে': আগন্তুক ২৩ মে'ত ঘোষণা হ'বলগীয়া নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে ইভিএমত সংঘটিত হোৱা বিসংগতিক লৈ সৰৱ হৈছে কেইবাগৰাকীও নেতা । ১১ এপ্ৰিলৰ পৰা ১৯ মে'লৈকে দেশত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত হোৱা ইভিএম টেম্পাৰিং সন্দৰ্ভত আজি নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব ২১ টা দলে । অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপি দলৰ প্ৰধান চন্দ্ৰবাবু নেতৃত্বত ২১ টা বিভিন্ন দলৰ নেতাই নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে বিভিন্ন সংবাদমাধ্যমত সম্প্ৰচাৰিত হোৱা exit poll-সমূহকো বিৰোধী দলসমূহে খাৰিজ কৰা পৰিলক্ষিত হয় । এই exit poll- অনুসৰি এন ডি এ চৰকাৰে পুনৰবাৰ শাসনৰ গাদী দখল কৰা সম্ভাৱনা আছে ।

21 ministers to meet EC today for EVM tempering
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.