ETV Bharat / bharat

অমৃতসৰ বিমানবন্দৰত জব্দ 10.22 কিল'গ্ৰাম চোৰাং সোণ - শুল্ক বিভাগৰ আয়ুক্ত দীপক কুমাৰ

বিগত দুদিনৰ ভিতৰত অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শুল্ক বিভাগে 5 কোটি টকাৰ 10.22 কিল'গ্ৰাম চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হয় ৷ বিভাগীয় কৰ্তৃপক্ষই সন্দেহজনক যাত্ৰীৰ সামগ্ৰীত তালাচী চলোৱাৰ পাচতে বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ পৰা উদ্ধাৰ কৰে চোৰাং সোণখিনি ৷

gold seized at Amritsar international airport
অমৃতসৰ বিমানবন্দৰত চোৰাং সোণ জব্দ
author img

By

Published : Jul 18, 2020, 12:25 PM IST

নেশ্যনেল ডেস্ক, 18 জুলাই : অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিগত দুদিনৰ ভিতৰত শুল্ক বিভাগৰ বিষয়াই 6 গৰাকী যাত্ৰীক জেৰা কৰে আৰু বৈদ্যুতিক সামগ্ৰীত লুকাই ৰখা কমেও 5 কোটি টকাৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে শুল্ক বিভাগৰ কৰ্তৃপক্ষই সদৰি কৰে এই কথা ৷

শুল্ক বিভাগৰ আয়ুক্ত দীপক কুমাৰে এক সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে যে, ডুবাইৰ 5 গৰাকী যাত্ৰীক শুকুৰবাৰে শ্ৰী গুৰু ৰাম দাস জী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (SGRDJI)ত জেৰা কৰা হয় ৷ সেই সময়তে অন্য এগৰাকী যাত্ৰী বন্দে ভাৰত মিছনৰ অধীনৰ অন্য এখন বিমানেৰে আহি বিমানবন্দৰত উপস্থিত হৈছিল ৷

তেওঁ কয় যে, ‘‘সমগ্ৰ ভাৰতবৰ্ষতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰাৰ বাবে সন্দেহজনক যাত্ৰীৰ সামগ্ৰী তথা বেগসমূহৰ তালাচী চলোৱা হৈছে আৰু সেই পৰিপ্ৰেক্ষিততে অমৃতসৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো চোৰাং সোণৰ সন্দেহ কৰা হয় ৷ বেগ আৰু সামগ্ৰীৰ তালাচী চলাওঁতে গম পোৱা গৈছিল যে সামগ্ৰীসমূহৰ ভিতৰত সোণ লুকাই থোৱা আছে’’ ৷

উল্লেখ্য যে, সন্দেহযুক্ত সকলো যাত্ৰীৰ চাল-চলন, কাৰ্যপ্ৰণালী একেই আছিল ৷ যাত্ৰীসকলৰ পৰা মুঠ 10.22 কিল'গ্ৰাম ওজনৰ চোৰাং সোণ জব্দ কৰা হয় আৰু ইয়াৰ মূল্য প্ৰায় 5 কোটি টকা ৷ ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত আছে বুলি শুল্ক বিভাগৰ আয়ুক্তগৰাকীয়ে সদৰি কৰে এই কথা ৷

লগতে পঢ়ক : লাটেহাৰ- নাই ইণ্টাৰনেট নাই ম'বাইল, কিদৰে সম্ভৱ অনলাইন ষ্টাডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.