নিউজ ডেস্ক, ১৩ জানুৱাৰী: উত্তৰ প্ৰদেশৰ বাদায়ুন জিলাত পুনৰ এক লজ্জাজনক ঘটনা সংঘটিত হয় । জিলাখনৰ উঘেইটিৰ এটা মন্দিৰৰ এগৰাকী পূজাৰীয়ে তেওঁৰ দুই সহযোগীৰ সৈতে এগৰাকী ৫০ বছৰীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত স্থানীয় আদালতে এদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত বিলচী মণ্ডল বিষয়া অনিৰুদ্ধ সিঙে বুধবাৰে জনায় যে ইতিমধ্যে উঘেইটি ঘটনা সন্দৰ্ভত তিনি অভিযুক্তক জেললৈ প্ৰেৰণ কৰা হৈছে আৰু পৰৱৰ্তী সময়ত তিনিও জনকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিব বুলি কয় ।
মংগলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত ভিডি'অ কনফাৰেন্সৰ যোগেদি তিনি অভিযুক্তক আৰক্ষীৰ জিম্মাত ল'বলৈ অনুৰোধ জনোৱা হৈছিল আৰু আদালতে এই অনুৰোধক মঞ্জুৰী প্ৰদান কৰে ।
উল্লেখযোগ্য যে, দেওবাৰে উত্তৰ প্ৰদেশৰ বাদায়ুন জিলাৰ উঘেইটি আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী ৫০ বছৰীয়া মহিলাক মন্দিৰৰ এগৰাকী পূজাৰীয়ে তেওঁৰ দুই সহযোগীৰ সৈতে ধৰ্ষণ কৰি হত্যা কৰিছিল । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । পৰীক্ষাৰ ফলাফল অনুসৰি ২০১২ চনত দিল্লীত সংঘটিত হোৱা নিৰ্ভয়া কাণ্ডৰে তুলনা কৰা হৈছিল ।
পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত উঘেইটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হয় । ইয়াৰে এজন বেদৰাম আৰু আন এজন জচপাল নামেৰে চিনাক্তকৰণ কৰা হয় । সম্প্ৰতি তিনিওগৰাকী আৰক্ষীৰ জিম্মাত ।
লগতে পঢ়ক:মহাৰাষ্ট্ৰৰ মন্ত্ৰী ধনঞ্জয় মুণ্ডেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ