ETV Bharat / bharat

Atiq Ashraf murder case update: 24 আগষ্টত হ’ব আতিক আহমেদৰ হত্যাকাণ্ডৰ পৰৱৰ্তী শুনানি - চৰ্চাত আতিক আহমেদৰ হত্যাকাণ্ড

15 এপ্ৰিলৰ দিনা হত্যা কৰা হৈছিল আতিক আহমেদ আৰু তেওঁৰ ভাতৃক ৷ 16 আগষ্টৰ দিনা আদালতত হোৱা এই হত্যাকাণ্ডৰ তৰ্ক যুদ্ধৰ অন্তত আদালতে এই ঘটনাৰ পৰৱৰ্তী শুনানি 24 আগষ্টৰ দিনটো ধাৰ্য কৰা হৈছে ৷

Atiq Ashraf murder case update
আতিক আহমেদৰ হত্যাকাণ্ড
author img

By

Published : Aug 17, 2023, 9:31 AM IST

নেশ্যনেল ডেস্ক, 17 আগষ্ট : এতিয়াও চৰ্চাত আতিক আহমেদৰ হত্যাকাণ্ড ৷ প্ৰাক্তন সাংসদ তথা মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ প্ৰাক্তন বিধায়ক খালিদ আজিম ওৰফে আশ্ৰাফক গুলীয়াই হত্যা কৰা হৈছিল ৷ এই হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন লোকক আটকো কৰা হৈছিল ৷

Atiq Ashraf murder case update
আতিক আহমেদৰ হত্যাকাণ্ড

বুধবাৰে এই তিনি অভিযুক্তত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আদালতত হাজিৰ হয় । প্ৰতাপগড় কাৰাগাৰত দাখিল কৰা অভিযুক্ত তিনি গুলীচালনাকাৰীৰ বিৰুদ্ধে আদালতত যুক্তি-তৰ্ক কৰিব লাগিছিল যদিও আদালতত অভিযোগ প্ৰক্ৰিয়া আগ নাবাঢ়ে ৷ বৰঞ্চ শুনানিৰ বাবে পৰৱৰ্তী 24 আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰা হয় ।

24 আগষ্টত লোনা হ’ব সিদ্ধান্ত :

চলিত বৰ্ষৰ 15 এপ্ৰিলত আতিক আশ্ৰাফ আৰু তেওঁৰ ভাতৃ প্ৰাক্তন বিধায়ক খালিদ আজিমক গুলীয়াই হত্যা কৰা হৈছিল । সকলোৰে জ্ঞাত যে, 15 এপ্ৰিলৰ দিনা আতিক আশ্ৰাফ আৰু খালিদ আজিম- দুয়োকে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে শ্বাহগঞ্জ অঞ্চলৰ মতিলাল নেহৰু কলভিন হস্পতাললৈ গৈছিল । চিকিৎসালয়ত প্ৰৱেশ কৰাৰ সময়ত সংবাদ মাধ্যমৰ বেশত অহা তিনি যুককে আতিক আৰু আশ্ৰাফক গুলীয়াই হত্যা কৰিছিল ।

তাৰ পাচতে গুলীচালনা কৰা তিনি অভিযুক্তই অস্ত্ৰ-শস্ত্ৰ পেলাই আত্মসমৰ্পণ কৰে । ইয়াৰ পিচতে আৰক্ষীয়ে তিনিও গুলীচালনাকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰে । ঘটনাৰ দুদিন পিচতে নাইনী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰতাপগড় কাৰাগাৰলৈ বদলি কৰা হয় অভিযুক্ত তিনি লোকক । পৰৱৰ্তী পৰ্যায়ত তিনিও অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰা হয় ।

তিনিওজন শ্বুটাৰৰ সপক্ষে যুঁজিব অধিবক্তা গৌৰৱ সিঙে :

10 আগষ্টৰ দিনা এই গুলীচালনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব লাগিছিল । কিন্তু উক্ত দিনা শ্বুটাৰ কেইটাৰ হৈ কোনো অধিবক্তা হাজিৰ নোহোৱাত আদালতৰ পৰা আৰু অধিক সময় বিচৰা হৈছিল ৷ ইয়াৰ পাচত আদালতে 16 আগষ্টৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল । সেই মৰ্মে বুধবাৰে আদালতত জাৰিৰ কৰা হয় তিনি অভিযুক্তক । তিনি অভিযুক্তৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰে গৌৰৱ সিং নামৰ এজন অধিবক্তাই ।

আতিক আহমেদৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত তিনি শ্বুটাৰৰ গোচৰ সন্দৰ্ভত শুনানি দিবলৈ আদালতে 24 আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰিছে ।

লগতে পঢ়ক : President to visit West Bengal : ‘বিন্ধ্যগিৰি’ উন্মোচন অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰপতি মূৰ্মু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.