ETV Bharat / bharat

Asia Cup 2023 : বৰষুণৰ বাবে পৰিতক্ত্য ভাৰত-পাকিস্তানৰ মেচ; 1-1 পইণ্ট ভগাই ল’লে দুয়ো দলে - এছিয়া কাপ 2023

এছিয়া কাপ 2023ত শনিবাৰে ভাৰত-পাকিস্তানৰ খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈ ৰ’ল ৷ কেইবাবাৰো বৰষুণে বিধি-পথালি দিলে খেলখনত ৷ পাকিস্তানক জয়ৰ বাবে 267 ৰাণৰ লক্ষ্য বান্ধি দিছিল ভাৰতে ৷

Asia Cup 2023
প্ৰথমে বেটিংৰ সিদ্ধান্ত ভাৰতৰ
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:54 PM IST

Updated : Sep 2, 2023, 10:10 PM IST

স্পৰ্টছ ডেস্ক, 2 ছেপ্টেম্বৰ : এছিয়া কাপ 2023ত শনিবাৰে অনুষ্ঠিত হোৱা ভাৰত-পাকিস্তানৰ খেলখন অমীমাংসিত হৈ ৰয় ৷ বৰষুণে বিধি-পথালিৰ মাজতে টছত জিকি পোন প্ৰথমে বেটিংৰ সিদ্ধান্ত লোৱা টিম ইণ্ডিয়াই খেলখনত জয়ী হ’বলৈ পাকিস্তানক নিৰ্ধাৰিত 50 অভাৰত 267 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৷ ৰোহিত শৰ্মাৰ দলে 48.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 266 ৰাণহে কৰিবলৈ সক্ষম হয় ৷ খেলখনৰ প্ৰথমাৰ্ধত কেবাবাৰো বৰষুণে বিধি-পথালি দিয়ে ৷ ভাৰতৰ ইনিংছ শেষ হোৱাৰ পাছত পুনৰ বৰষুণৰ বাবে বাধাগ্ৰস্ত হোৱা খেলখনত পাকিস্তান দলটোৱে বেটিং কৰিবলৈ সক্ষম নহ’ল ৷ ফলত অমীমাংসিত হৈ ৰয় খেলখন ৷

আৰম্ভণিতেই বেটিং বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলটোক পৰৱৰ্তী সময়ত ইশান কিষণ আৰু হাৰ্দিক পাণ্ডিয়াই আগবঢ়াই লৈ যায় ৷ দুয়োজন মিডল অৰ্ডাৰ বেটছমেনে দলটোক এক সন্মানজনক স্থিতি প্ৰদান কৰে ৷ ইশান কিষণে 81 টা বলত 82 ৰাণ কৰাৰ বিপৰীতে হাৰ্ডিক পাণ্ডিয়াই 90 টা বলত 87 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

ইয়াৰ বিপৰীতে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা, শ্বাৰ্দুল ঠাকুৰ, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ ৰাণ সংগ্ৰহত বিফল হোৱা পৰিলক্ষিত হয় ৷ ৰবীন্দ্ৰ জাডেজা আৰু যশপ্ৰীত বুমৰাহে ক্ৰমে 14 আৰু 16 ৰাণত নিজৰ উইকেট বিসৰ্জন দিয়াৰ পাছত বাকীকেইজন খেলুৱৈয়ে দহকৰ ঘৰো স্পৰ্শ কৰিবলৈ সক্ষম নহ’ল ৷

ফলত ভাৰতে 48.5 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 266 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ পাকিস্তানৰ হৈ শ্বাহীন আফ্ৰিদীয়ে 10 অভাৰত 2টা মেইডেইন অভাৰসহ 35 ৰাণ খৰছ কৰি 4 টা উইকেট দখল কৰিবলৈ কৰে ৷ আনহাতে নাচিম শ্বাহ আৰু হেৰিছ ৰৌফে 3টাকৈ উইকেট দখল কৰে ৷

ইয়াৰ পূৰ্বে বহু প্ৰত্যাশিত খেলখনত ভাৰতে টছত জয়লাভ কৰি বেটিংৰ সিদ্ধান্ত লয় ৷ কেণ্ডীৰ পাল্লেকেলে ইণ্টাৰনেশ্যনেল ষ্টেডিয়ামত ভাৰতীয় অ’পেনাৰ ৰোহিত শৰ্মা আৰু শুভমন গিলে ইনিংছ মুকলি কৰে ৷

26টা বলৰ পাছতে বৰষুণে খেলখনত বিধি-পথালি দিয়ে যদিও পৰৱৰ্তী সময়ত মেচখন পুনৰ আৰম্ভ হয় ৷ ইয়াৰ পাছতে ভাৰতে দুটাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাই ৷ 22 টা বলত 11 ৰাণ কৰি 4.6 অভাৰত পতন ঘটে অধিনায়ক ৰোহিত শৰ্মাৰ উইকেট ৷ ইয়াৰ পাছতে 6.3 অভাৰত বিৰাট কোহলীক আউট কৰি ভাৰতীয় দলত আন এক মোক্ষম আঘাত হানে পাকিস্তানী বলাৰ শ্বাহীন আফ্ৰিদিয়ে ৷ তাৰকা খেলুৱৈ বিৰাট কোহলী 7টা বলত মাত্ৰ 4 ৰাণ কৰি পেভিলিয়নলৈ উভতি যায় ৷ শ্ৰেয়স আয়াৰে 9 টা বলত 14 ৰাণ কৰি হেৰিছ ৰৌফৰ হাতত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷

11.2 অভাৰত পুনৰ খেল বৰষুণৰ বাবে বাধিত হয় ৷ খেল আকৌ আৰম্ভ হোৱাৰ পিছত শুভমন গিলে 32 টা বলত 10 ৰাণ কৰি চতুৰ্থটো উইকেটৰূপে বিদায় লয় ৷ তাৰ পিচত ইশান কিষণ আৰু হাৰ্দিক পাণ্ডিয়াই মাজৰ অভাৰসমূহত বুজাবুজিৰে পাৰ্টনাৰশ্বীপ গঢ়ি দলটোক এক সন্মানজনক স্থিতিত উপনীত কৰোৱায় ৷

উল্লেখযোগ্য যে, এছিয়া কাপ 2023 ৰ আজিৰ ভাৰত-পাকিস্তানৰ খেলখনক লৈ উৎকণ্ঠাৰে বাট চাই আছিল ক্ৰিকেট প্ৰেমীয়ে ৷ কিন্তু বৰষুণে ক্ৰিকেট প্ৰেমী সকলৰ আশাত চেঁচা পানী ঢালে ৷

লগতে পঢ়ক : ISRO Aditya L1 : আদিত্য এল-১ক নেতৃত্ব দিয়া নিগাৰ শাজীৰ এই অভিযান সম্পৰ্কে প্ৰথম প্ৰতিক্ৰিয়া

Last Updated : Sep 2, 2023, 10:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.