ETV Bharat / bharat

ভাৰতপে সন্দৰ্ভত অপমানজনক পোষ্ট; অশ্নীৰ গ্ৰোভাৰক ২ লাখ জৰিমনা দিল্লী হাইকোৰ্টৰ - delhi hc imposes fine 2 lakh on Ashneer Grover

ব্যৱসায়ী অশ্নীৰ গ্ৰোভাৰে মঙলবাৰে ভাৰতপেৰ বিৰুদ্ধে তেওঁৰ অপমানজনক পোষ্টৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ ওচৰত ক্ষমা বিচাৰে । আনহাতে, আদালতে তেওঁৰ এই মন্তব্যৰ বাবে তেওঁক ২ লাখ টকাৰ জৰিমনা বিহে ।

Ashneer Grover
Ashneer Grover
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 5:22 PM IST

নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ভাৰতপেৰ সহ-প্ৰতিষ্ঠাপক অশ্নীৰ গ্ৰোভাৰে ভাৰতপে সন্দৰ্ভত দিয়া তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টৰ বাবে ক্ষমা বিচাৰিছে । মঙলবাৰে অশ্নীৰ গ্ৰোভাৰে দিল্লী উচ্চ ন্যায়ালয়ত ক্ষমা বিচাৰে । অৱশ্যে উচ্চ ন্যায়ালয়ে অশ্নিৰৰ এই অপমানজনক পোষ্টৰ বাবে তেওঁৰ ওপৰত ২ লাখ টকাৰ জৰিমনা আৰোপ কৰে । লগতে কয় যে তেওঁ আদালতৰ পূৰ্বৰ আদেশ উলংঘা কৰিছে আৰু তেওঁৰ আচৰণ সন্তোষজনক নহয় ।

উল্লেখ্য যে বিগত মে' মাহত উচ্চ ন্যায়ালয়ে গ্ৰোভাৰ আৰু ভাৰতপে দুয়োকে ইটোৱে সিটোৰ বিষয়ে কোনো অসংসদীয় বা মানহানিকৰ ভাষা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছিল । পিছত ভাৰতপেয়ে দিল্লী উচ্চ ন্যায়ালয়ত এক নতুন আবেদন দাখিল কৰি কয় যে অশ্নীৰ গ্ৰোভাৰে কোম্পানীটোৰ বিৰুদ্ধে অপমানজনক ভাষা ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে । ভাৰতপেয়ে কয় যে অশ্নীৰ গ্ৰোভাৰ এগৰাকী অভ্যাসগত অপৰাধী আৰু তেওঁ আদালতৰ নিৰ্দেশ অনুসৰণ কৰা নাই ।

আনহাতে, শুনানিৰ সময়ত অশ্নীৰ গ্ৰোভাৰৰ অধিবক্তা গিৰিৰাজ সুব্ৰমনিয়ামে কয় যে গ্ৰোভাৰে আদালতৰ ওচৰত ক্ষমা বিচাৰিছে আৰু ভৱিষ্যতে আদালতৰ আদেশ অমান্য নকৰে বুলি শপতনামা দাখিল কৰিছে । গিৰিৰাজ সিঙে কয় যে অশ্নীৰ গ্ৰোভাৰে তেওঁৰ টুইটবোৰো বিলোপ কৰিছে ।

ইফালে শুনানিৰ সময়ত ভাৰতপেৰ হৈ উপস্থিত থকা অধিবক্তা অখিল চিব্বলে কয় যে গ্ৰোভাৰৰ টুইট বিলোপ কৰাত যথেষ্ট পলম হৈছে । আনহাতে, টুইটটো বিলোপ কৰাৰ সময়লৈকে সংবাদ মাধ্যমসমূহে ইয়াৰ ওপৰত বাতৰি পৰিবেশন কৰে আৰু যাৰ ফলত কোম্পানীটো লোকচানৰ সন্মুখীন হয় । আদালতে গ্ৰোভাৰৰ ক্ষমাপত্ৰ পঢ়ি উপলব্ধি কৰে যে তেওঁৰ আচৰণ সন্তোষজনক নহয় । যাৰ বাবে আদালতে গ্ৰোভাৰক ২ লাখ টকাৰ জৰিমনাও আৰোপ কৰে । উল্লেখ্য যে অশ্নীৰ গ্ৰোভাৰ আৰু ভাৰতপেৰ মাজত প্ৰায় ১৫ টা গোচৰ দিল্লী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

লগতে পঢ়ক :মণিপুৰ হিংসাত অন্য বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ইচ্ছা; অনুৰোধ পৰীক্ষা কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.