নেশ্যনেল ডেস্ক,১২ মাৰ্চ : ভাৰত-পাক সীমান্তত ভাৰতীয় সেনাৰ বৃহৎ অভিযান (Army operation in border area)। নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অভিযান চলাই বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ভাৰতীয় সেনাই । শনিবাৰে ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) সমীপত চলোৱা এই অভিযানত বহু অস্ত্ৰ আৰু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰে ।
জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত চলা এই প্ৰথমটো অভিযানত সেনা জোৱানসকলে দুই কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী, দুটা পিষ্টল, এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) আৰু মেগজিন উদ্ধাৰ কৰে (Army seized IED and drugs in Rajouri)। ১১ মাৰ্চৰ বিয়লি প্ৰায় ৪ বজাত সেনা বাহিনীয়ে ৰাজৌৰীৰ নৌচেৰা চেক্টৰৰ লাম অঞ্চলত এই তালাচী অভিযান চলাইছিল আৰু অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছখিনি উদ্ধাৰ কৰে ।
চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি ভাৰতীয় সেনাই ১১ মাৰ্চত নৌচেৰাৰ ঝাংগাৰত এলঅ'চিৰ ওচৰত এই অভিযান চলাইছিল (Army operation near LoC)। সেনা বিষয়াসকলে কোৱা মতে এই অভিযানে সন্ত্ৰাসবাদীৰ এক বৃহৎ পৰিকল্পনা প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । সন্দেহ কৰা মতে এই অস্ত্ৰ আৰু ড্ৰাগছ অপৰাধীসকলে সন্ত্ৰাসবাদীৰ বাবে যোগান ধৰিছিল ।
পুৱাতেই শালনাৰ হাংনিকোটত হান্দৱাৰা আৰক্ষীয়ে চলোৱা আন এক তালাচী অভিযানত উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাত এটা গোপন স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰিছিল (Police recovered weapons in North Kashmir)। আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত এটা এ.কে ৪৭ ৰাইফল, দুটা মেগজিন, ৭৫ ৰাউণ্ড গুলী, ১০ টা গ্ৰেনেড, ২৬ টা ইউবিজিএল, ৮ টা ইউবিজিএল বুষ্টাৰ, দুটা ফ্লেম থ্ৰোয়াৰ, পাঁচটা ৰকেট শ্বেল আৰু তিনিটা ৰকেট বুষ্টাৰ আছিল । এই সন্দৰ্ভত আৰক্ষীয়ে ভিলগাম আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে সীমান্ত অঞ্চলত প্ৰায়ে অস্ত্ৰ-শস্ত্ৰ আৰু নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ হোৱা দেখা যায় । বিশেষকৈ সন্ত্ৰাসবাদীক পুঁজি যোগানৰ উদ্দেশ্যে দেশবিৰোধী শক্তিয়ে এই কাৰ্যকলাপ কৰে । যাৰ বাবে সময়ে সময়ে সীমান্ত অঞ্চলত ভাৰতীয় সেনা আৰু আৰক্ষীয়ে অভিযান চলায় ।
লগতে পঢ়ক :BSF fires at Pak drone : ড্ৰোণৰ জৰিয়তে পাকিস্তানে ভাৰতলৈ সৰবৰাহ কৰিছে ড্ৰাগছ