নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : বিজয়ৱাড়াৰ এখন স্থানীয় আদালতে মঙলবাৰে টিডিপিৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে দাখিল কৰা গৃহ জিম্মাৰ আবেদন নাকচ কৰি কয় যে তেওঁ কাৰাগাৰত অধিক সুৰক্ষিত হ'ব । কিয়নো তেওঁৰ যি সচৰাচৰ জেড-প্লাছ নিৰাপত্তা সেয়া গৃহবন্দী অৱস্থাত তেওঁক প্ৰদান কৰা নহ'ব পাৰে ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বহু কোটি টকাৰ দক্ষতা বিকাশ নিগম কেলেংকাৰীত তেওঁৰ ভূমিকাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় । তাৰ পিছত দেওবাৰে বিজয়ৱাড়াৰ এখন স্থানীয় আদালতে নাইডুক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৰ্তমান ৰাজমহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।
সোমবাৰে নাইডুক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ লুথৰাৰ নেতৃত্বত অধিবক্তাৰ এটা দলে ভাবুকিৰ আশংকা উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনক গৃহ জিম্মা প্ৰদানৰ বাবে এখন আবেদন দাখিল কৰে ।
উল্লেখ্য যে নাইডুৱে ইতিমধ্যে কেইবা বছৰ ধৰি জেড-প্লাছ শ্ৰেণীৰ নিৰাপত্তা সুৰক্ষা লাভ কৰি আছে । এনএছজি কমাণ্ডোৰ এটা দলে তেওঁক সদায় পহৰা দিয়ে ।
"গৃহবন্দীত্ব মঞ্জুৰ কৰা হোৱা নাই । গৃহবন্দী নকৰাৰ বাবে ন্যায়ালয়ে উল্লেখ কৰা কাৰণটো হৈছে নিৰাপত্তা ।" নাইডুৰ অধিবক্তা জয়কৰ মাট্টাই পিটিআইক জনায় ।
মাট্টাৰ মতে, ন্যায়ালয়ে অনুভৱ কৰে যে জেড-প্লাছ নিৰাপত্তা গৃহবন্দী কৰি ৰখা অৱস্থাত প্ৰদান কৰা নহ'ব । সেয়েহে নাইডুৰ বাবে গৃহ জিম্মাত থকাতকৈ কাৰাগাৰত থকাটো অধিক সুৰক্ষিত ।
লগতে আদালতে কয় যে নাইডুক সফলতাৰে জেড-প্লাছ নিৰাপত্তা প্ৰদান কৰাটো সম্ভৱ হ'লে তেওঁলোকে গৃহ জিম্মা দিব পাৰিলেহেঁতেন । আদালতে কয় যে সুৰক্ষাৰ কাৰণে কাৰাগাৰেই ভাল ।
মাট্টাই কয় যে নাইডুৰ আইনী দলে এচিবি আদালতৰ পৰা আদেশৰ প্ৰতিলিপি পোৱাৰ লগে লগে উচ্চ ন্যায়ালয়ত গৃহ জিম্মাৰ বাবে আবেদন কৰিব ।অধিবক্তাজনে লগতে কয় যে তেওঁলোকে মঙলবাৰে নিশা বা বুধবাৰে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়লৈ যাব পাৰে ।
উল্লেখ্য, নাইডুক দক্ষতা বিকাশ নিগমৰ পৰা পুঁজিৰ অপব্যৱহাৰৰ সৈতে জড়িত এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে । যাৰ ফলত ৰাজ্য চৰকাৰৰ ৩০০ কোটি টকাৰ লোকচান হৈছিল । অন্ধ্ৰপ্ৰদেশ চিআইডিৰ মুৰব্বী এন সঞ্জয়ে গ্ৰেপ্তাৰ হোৱাৰ পিছত এনেদৰে কয় ।
লগতে পঢ়ক :Manipur violence : মণিপুৰত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ৩ সাধাৰণ নাগৰিক