ETV Bharat / bharat

ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ওড়িশা, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপালৰ সৈতে পৰ্যালোচনা ভাৰ্চুৱেল বৈঠকত মিলিত হয় ।

Amit sah
ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক
author img

By

Published : May 24, 2021, 12:35 PM IST

নেশ্যনেল ডেস্ক, ২৪ মে': কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ওড়িশা, অন্ধ্ৰ প্ৰদেশ, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপালৰ সৈতে ঘূৰ্ণীবতাহ য়াছ সন্দৰ্ভত পৰ্যালোচনা ভাৰ্চুৱেল বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে দেওবাৰেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল ।

শ্বাহে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰতিনিধি, টেলিকম, শক্তি, অসামৰিক বিমান পৰিবহণ, বৈজ্ঞানিক মন্ত্ৰালয়ৰ সচিবসকল এই বৈঠকত অংশগ্ৰহণ কৰে । ভাৰতীয় বায়ুসেনাই ঘূৰ্ণীবতাহ য়াছৰ দুৰ্যোগৰ সময়ত সকলো প্ৰকাৰৰ সহায় আৰু সাহায্য অভিযান আগবঢ়াবলৈ ৯৫০ জন উদ্ধাৰ অভিযানকাৰী দলৰ সদস্য আৰু ২৬ খন হেলিকপ্তাৰ সাজু ৰাখিছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, অহা ২৬ মে'ত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত ঘূৰ্ণীবতাহ য়াছে তাণ্ডৱ চলোৱাৰ সম্ভাৱনা আছে । য়াছৰ ফলত ২৬ মে'ৰ আবেলি ভূমিস্খলন হোৱাৰ তীব্ৰ সম্ভাৱনাই দেখা দিছে ৷ য়াছে পশ্চিমবংগ-ওড়িশাৰ উপকূলৰ মাজেৰে প্ৰৱেশ কৰি পাৰাদ্বীপৰ মাজেৰে আহি দীঘাৰ উপকূলত খুন্দা মৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: কৰ'ণা ভাইৰাছ সম্পৰ্কে মন্তব্য কৰি আৰক্ষীৰ ৰোষত কমল নাথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.