ETV Bharat / bharat

এণ্টিলিয়া কাণ্ড:গ্ৰেপ্তাৰ আন এগৰাকী আৰক্ষী - NIA ARREST MUMBAI POLICE INSPECTOR SUNIL MANE REGARDING AMBANI CASE

এণ্টিলিয়া ঘটনা আৰু মনসুখ হিৰেণৰ হত্যাকাণ্ড সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ হাতত পুনৰ এগৰাকী আৰক্ষী গ্ৰেপ্তাৰ । শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এন আই এ) ই মুম্বাই আৰক্ষীৰ পৰিদৰ্শক সুনীল মানেক গ্ৰেপ্তাৰ কৰে । বৃহস্পতিবাৰে সুনীলক উক্ত ঘটনা সন্দৰ্ভত জেৰা চলাইছিল এন আই এ য়ে ।

এণ্টিলিয়া ঘটনাৰ গোচৰত এন আই এৰ হাতত আন এগৰাকী আৰক্ষী গ্ৰেপ্তাৰ

author img

By

Published : Apr 23, 2021, 2:33 PM IST

নেশ্যনেল ডেস্ক,২৩ এপ্ৰিল: ভাৰতৰ উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বিস্ফোৰক ভৰ্তি বাহনৰ ঘটনাই প্ৰতিদিনে নতুন ৰূপ লোৱা দেখা গৈছে । ঘটনা সন্দৰ্ভত এন আই এ য়ে তদন্ত অব্যাহত ৰাখিছে । এই ঘটনাৰ লগতে ব্যৱসায়ী মনসুখ হিৰেণৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কেইবাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে । এইবাৰ আন এগৰাকী আৰক্ষী এই ঘটনাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ । শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এন আই এ) ই মুম্বাই আৰক্ষীৰ পৰিদৰ্শক সুনীল মানেক গ্ৰেপ্তাৰ কৰে ।

বৃহস্পতিবাৰে সুনীলক উক্ত ঘটনা সন্দৰ্ভত জেৰা চলাইছিল এন আই এ য়ে । এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে ঘটনাত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ লগে লগে সুনীলক গ্ৰেপ্তাৰ কৰে অনুসন্ধানকাৰী সংস্থাটোৱে । জানিব পৰা মতে, মানেক বিয়লিৰ ভাগলৈ আদালতত হাজিৰ কৰোৱা হ'ব । কেন্দ্ৰীয় সংস্থাটোৱে ইয়াৰ পূৰ্বে মুম্বাইৰ দুজন আৰক্ষী বিষয়া ক্ৰমে শচীন ৱেজ আৰু ৰিয়াজ কাজীকে ধৰি চাৰিজন লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক:সকলো বেংক কৰ্মী আৰু বীমা কৰ্তাসকলক টীকাকৰণ কৰিবলৈ অনুৰোধ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.