ETV Bharat / bharat

অক্সিজেন প্ৰকল্প স্থাপনত অনুমোদন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ - জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়

ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অক্সিজেন উৎপাদন প্ৰকল্প স্থাপনত অনুমোদন জনাইছে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে । জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ত অক্সিজেনৰ চাহিদাৰ পূৰণ কৰাৰ লগতে অক্সিজেন চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰাত সহায় কৰাৰ বাবে অক্সিজেন উৎপাদন প্ৰকল্প স্থাপনত অনুমোদন জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ।

অক্সিজেন প্ৰকল্প স্থাপনত অনুমোদন আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ

author img

By

Published : Apr 28, 2021, 1:12 PM IST

নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড-১৯ মহামাৰীত আক্ৰান্ত ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিবলগীয়া হোৱাৰ সময়তে আলিগড় মুছলিম বিশ্ববিদ্যালয়ে মঙলবাৰে অক্সিজেন উৎপাদন প্ৰকল্প স্থাপনত অনুমোদন জনায় । বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ তৰফৰ পৰা জনোৱা মতে, এই অক্সিজেন উৎপাদন প্ৰকল্প স্থাপনৰ বাবে ১.৪১ কোটি টকা ব্যয় হ'ব ।

জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়ত অক্সিজেনৰ চাহিদাৰ পূৰণ কৰাৰ লগতে অক্সিজেন চিলিণ্ডাৰ পুনৰ ভৰ্তি কৰাত সহায় কৰিব পৰাকৈ এই প্ৰকল্প স্থাপন কৰা হ'ব । ৩-৪ সপ্তাহৰ ভিতৰত প্ৰকল্প স্থাপনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । যোৱা সপ্তাহত বিশ্ববিদ্যালয়খনৰ ৫ গৰাকী প্ৰবক্তাই প্ৰাণ হেৰুৱাইছে আৰু একাংশ লোকৰ দেহত মহামাৰীৰ লক্ষণ ধৰা পৰিছে ।

লগতে পঢ়ক: আৰক্ষীয়ে ধ্বংস কৰিব ছট্টিশগড়ত নিৰ্মিত মাওবাদী নেতাৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.