ETV Bharat / bharat

Delhi Pollution:বায়ুৰ মান 'অতি বেয়া' শ্ৰেণীলৈ অৱনমিত - কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

দিল্লীৰ প্ৰদূষণ অপৰিৱৰ্তিত হৈ আছে । বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি দিল্লীৰ AQI হৈছে ৩৪৪ । দিনটোৰ সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে ।

Delhi Pollution
বায়ুৰ মান অতি বেয়া শ্ৰেণীলৈ অৱনমিত
author img

By

Published : Nov 18, 2021, 3:57 PM IST

নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ : সম্প্ৰতি ভয়ংকৰ বায়ু প্ৰদূষণৰ (Air pollution) কৱলত ৰাষ্ট্ৰীয় ৰাজধানী । শেহতীয়াকৈ দিল্লীৰ বায়ু প্ৰদূষণে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এতিয়াও দিল্লীৰ বায়ুৰ মান অতি বেয়া (very poor) শ্ৰেণীতে আছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (CPCB) তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা ৮ বজাত দিল্লীৰ বায়ুৰ মান সূচক (AQI) হৈছে ৩৪৪ । বুধবাৰৰ দিনটোত দিল্লীৰ AQI আছিল ৩৭৫ । অৱশ্যে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে কৈছে যে দেওবাৰৰ আগলৈকে কোনো ধৰণৰ বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই । চিপিচিবিৰ সমীৰ এপৰ মতে বায়ুৰ AQI ক্ৰমে ফৰিদাবাদত ৩৫৪, গাজিয়াবাদত ৩৬৪, গ্ৰেটাৰ নয়দাত ৩২৪, গুৰুগ্ৰামত ৩২৫ আৰু নয়দাত ৩৩৩ ।

উল্লেখ্য যে বায়ুৰ সূচাংকৰ পৰিমাণে হিচাপে ইয়াক শ্ৰেণীবোৰত ভাগ ভাগ কৰা হয় । শূন্যৰ পৰা ৫০ ৰ ভিতৰত AQI থাকিলে ই 'ভাল', ৫১ আৰু ১০০ 'সন্তোষজনক', ১০১ আৰু ২০০ 'মধ্যমীয়া', ২০১ আৰু ৩০০ 'বেয়া', ৩০১ আৰু ৪০০ৰ ভিচৰত 'অতি বেয়া' আৰু ৪০১ আৰু ৫০০ ৰ ভিতৰত 'গুৰুতৰ' বুলি গণ্য কৰা হয় ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে ৰাষ্ট্ৰীয় ৰাজধানীৰ সৰ্বনিম্ন তাপমাত্ৰা ১০.৫ ডিগ্ৰী চেলচিয়াছ । আনহাতে দিনটোৰ সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে । আইএমডিৰ (IMD) বিষয়াসকলে জনোৱা মতে আপেক্ষিক আৰ্দ্ৰতা পুৱা ৫.৩০ বজাত ৮২ শতাংশত পোৱা গৈছিল । ইফালে বুধবাৰে, সৰ্বাধিক তাপমাত্ৰা ২৭.৪ ডিগ্ৰী চেলচিয়াছ আছিল ।

লগতে পঢ়ক :Sydney Dialogue : ভাৰতৰ প্ৰযুক্তি বিকাশ আৰু বিপ্লৱ সম্পৰ্কে ক'ব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.