ETV Bharat / bharat

এয়াৰ অফিচাৰ ইন চাৰ্জ পাৰ্ছনেল হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুৰজ কুমাৰ ঝাই - প্ৰতিৰক্ষা মন্ত্ৰালয়

বায়ু সেনাৰ মুখ্য কাৰ্যালয়ত এয়াৰ অফিচাৰ ইন চাৰ্জ পাৰ্ছনেল হিচাপে নিযুক্ত কৰা হৈছে এয়াৰ মাৰ্শ্বেল সুৰজ কুমাৰ ঝাক । যোৱা ১ আগষ্টত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ দায়িত্ব পালন কৰিছে বায়ু সেনাৰ বিষয়াগৰাকীয়ে ।

Suraj Kumar Jha takes over as Air Officer in Charge Personnel
এয়াৰ অফিচাৰ ইন চাৰ্জ পাৰ্ছনেল হিচাপে দায়িত্ব গ্ৰহণ কৰিলে সুৰজ কুমাৰ ঝাই
author img

By

Published : Aug 4, 2021, 11:20 AM IST

নেশ্যনেল ডেস্ক, ৪ আগষ্ট : যোৱা ১ আগষ্টত এয়াৰ অফিচাৰ ইন চাৰ্জ পাৰ্ছনেল (Air Officer in Charge Personnel) হিচাপে দায়িত্ব গ্ৰহণ কৰিলে এয়াৰ মাৰ্শ্বেল সুৰজ কুমাৰ ঝাই (Air Marshel Suraj KUmar Jha)। ১৯৮৪ চনত বায়ু সেনাত যোগদান কৰা সুৰজ কুমাৰ ঝাই বৰ্তমানলৈকে বিভিন্ন যুঁজাৰু বিমান ২৯০০ ঘণ্টাতকৈও অধিক সময় চলাইছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিজ্ঞপ্তিযোগে তেওঁৰ নতুন দায়িত্বৰ কথা প্ৰকাশ কৰিছে । যোৱা ১ আগষ্টত বায়ু সেনাৰ মুখ্য কাৰ্যালয়ত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰে । বায়ু সেনা বিষয়াগৰাকী ফ্ৰণ্ট লাইন ফাইটাৰ স্কোৱাড্ৰণৰ কামাণ্ডিং অফিচাৰ আৰু এটা প্ৰিমিয়াৰ যুঁজাৰু বিমানঘাটিৰ কামাণ্ডাৰ আছিল । বায়ু সেনাত য়োগদান কৰাৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ দায়িত্ব পালন কৰিছে বায়ু সেনাৰ বিষয়াগৰাকীয়ে ।

জানিব পৰা মতে, ঝা এয়াৰ ভাইচ মাৰ্শ্বেল, এয়াৰ ৱাৰফেয়াৰ মহাবিদ্যালয়ৰ কমাণ্ডেণ্ট, আই ডি এছৰ হেড কোৱাৰ্টাৰত ইণ্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ সহকাৰী মুখ্য বিষয়া আছিল । বিষয়াগৰাকী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত নতুনকৈ স্থাপিত সামৰিক পৰিক্ৰমা বিভাগৰ যুটীয়া সচিবো (এয়াৰ) আছিল ।

এয়াৰ অফিচাৰ ইন চাৰ্জ পাৰ্ছনেল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ এয়াৰ মাৰ্শ্বেল হিচাপে সেৱা আগবঢ়াই আছিল । সুৰজ কুমাৰ ঝাই বায়ু সেনাৰ মুখ্য কাৰ্যালয়ৰ এয়াৰ ষ্টাফৰ উপ-মুখ্য বিষয়া হিচাপে দায়িত্ব পালন কৰিছিল । এয়াৰ মাৰ্শ্বেলগৰাকী ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ ৱেলিংটনৰ প্ৰাক্তন ছাত্ৰ । সুৰজ কুমাৰ ঝাক ২০২১ চনত আতি বিষিত সেৱা পদকেৰে সন্মানিত কৰা হয় ।

লগতে পঢ়ক:১৫ আগষ্টৰ লালকিল্লাৰ কাৰ্যসূচীত বিশেষ অতিথি হ'ব ভাৰতীয় অলিম্পিক দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.