ETV Bharat / bharat

Air India flight emergency landing: ৬ বছৰৰ পাচত পাকিস্তানৰ আকাশমাৰ্গত ভাৰতীয় বিমান

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 1:03 PM IST

ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পাচৰে পৰা পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশী পথ বন্ধ কৰি দিছিল । তেতিয়াৰ পৰা ভাৰতে পাকিস্তানৰ আকাশীপথ ব্যৱহাৰ কৰা নাছিল ৷ ছয় বছৰৰ পাচত পাকিস্তানে পুনৰ ভাৰতীয় বিমানখনক তেওঁলোকৰ আকাশমাৰ্গত প্ৰৱেশৰ অনুমতি দিব লগা হয় ।

Air India flight emergency landing
৬ বছৰৰ পাচত পাকিস্তানৰ আকাশমাৰ্গত ভাৰতীয় বিমান

নিউজ ডেস্ক, ১৬ অক্টোবৰ: ডুবাইৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX-192 নম্বৰৰ বিমানখনে পাকিস্তানৰ কৰাচীত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয় । পাকিস্তান অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিগত ছবছৰ ধৰি ভাৰতীয় বিমানৰ বাবে বন্ধ হৈ থকা পাক আকাশমাৰ্গক জৰুৰীকালীন অনুমতি প্ৰদান কৰে । কেৱল এয়াই নহয়, বিমানবন্দৰত প্ৰয়োজনীয় সা-সুবিধাও উপলব্ধ কৰোৱা হয় ।

১৪ অক্টোবৰত পাকিস্তানৰ কৰাচীত জৰুৰীকালীন অৱতৰণ কৰোৱা হৈছিল এই বিমানখন ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ তথ্য অনুসৰি বিমান নম্বৰ IX-192 ডুবাইৰ সময় অনুসৰি পুৱা ৮.৫১ বজাত উৰা মাৰিছিল । কিন্তু এজন যাত্ৰীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে ৷ বিমানখনৰ ক্ৰুৱে পাকিস্তানৰ কৰাচী বিমানবন্দৰ নিকটতম বিমানবন্দৰ হিচাপে চিনাক্ত কৰে আৰু জৰুৰীকালীন অৱতৰণৰ অনুমতি বিচাৰে ৷

পাকিস্তান অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জৰুৰীকালীন অৱস্থা উপলব্ধি কৰি ভাৰতীয় বিমানখনক তেওঁলোকৰ আকাশমাৰ্গত প্ৰৱেশ কৰি কৰাচীত অৱতৰণ কৰিবলৈ অনুমতি দিয়ে । নিশা ১২.৩০ বজাত কৰাচী বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে । পাকিস্তান বিমান কৰ্তৃপক্ষই ততাতৈয়াকৈ বিমানবন্দৰতে চিকিৎসাৰ সুবিধা প্ৰদানৰো ব্যৱস্থা কৰি দিয়ে ।

বিমানখন বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে চিকিৎসকৰ এটা দলে যাত্ৰীজনক পৰীক্ষা কৰে । পাকিস্তানৰ সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত যাত্ৰীজনক পুনৰ বিমানত উঠি ভাৰতলৈ যাবলৈ অনুমতি দিয়া হয় ।

উল্লেখ্য যে, ছয় বছৰ পূৰ্বে ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পাচৰে পৰা পাকিস্তানে ভাৰতীয় বিমানৰ বাবে নিজৰ আকাশী পথ বন্ধ কৰি দিছিল । তেতিয়াৰ পৰা ভাৰতে পাকিস্তানৰ আকাশীপথ ব্যৱহাৰ কৰা নাছিল ৷ কিন্তু ভাৰতীয় বিমানখনৰ চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে পাকিস্তানে নিজৰ আকাশমাৰ্গত ভাৰতক প্ৰৱেশৰ অনুমতি দিব লগা হয় । আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি কোনো দেশেই চিকিৎসা জৰুৰীকালীন অৱস্থাত নিজৰ আকাশমাৰ্গ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰে ।

লগতে পঢ়ক: AirAsia India Flight : এয়াৰএছিয়া ইণ্ডিয়া বিমানত কাৰিকৰী সমস্যা; উৰণৰ পিছতে উভতিল কোচি বিমানবন্দৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.