ETV Bharat / bharat

দুষ্টচক্ৰৰ কবলত ৰে’ল আৰক্ষীৰ ফেচবুক একাউণ্ট - আৰক্ষী বিষয়াৰ ফেচবুক একাউন্ট হেক

বেংগালুৰুৰ ৰে’ল আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ ফেচবুক একাউণ্ট সম্প্ৰতি হেকাৰৰ কবলত ৷ হেকাৰে উক্ত একাউন্টৰ পৰা ধন দাবী কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সেয়ে একাউণ্টটোৰ পৰা ধন দাবীৰ কোনো বাৰ্তা গ'লে সেই বাৰ্তাৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনাইছে ৷

author img

By

Published : Mar 4, 2021, 9:30 AM IST

নেচনেল ডেস্ক, 4 মাৰ্চ: বাংগালোৰত এগৰাকী শীৰ্ষ পৰ্যায়ৰ ৰে'লৱে আৰক্ষী বিষয়াৰ ফেচবুক একাউন্ট হেক কৰি হেকাৰে বিষয়া গৰাকীৰ পৰা ধন দাবী কৰাৰ এক ঘটনা সংঘটিত হৈছে ৷ ভাস্কৰ ৰাও নামৰ এগৰাকী ৰে'লৱে বিষয়াৰ একাউন্ট হেক কৰি দুস্কৃতিকাৰীয়ে একাউন্টটোৰ পৰা ধন দাবী কৰিছে ৷

বিষয়াগৰাকীয়ে কয় যে, "মেৰ ফেচবুক একাউন্টটো হেক কৰা হৈছে ৷ যদিহে কোনোৱো মোৰ নামত ধন দাবী কৰাৰ কোনো মেচেজ পাই, তেন্তে অনুগ্ৰহ কৰি সেই বাৰ্তাৰ প্ৰতি গুৰুত্ব নিদিব ৷"

বাংগালোৰৰ আৰক্ষী আয়ুক্ত পদত অধিষ্ঠিত হৈ থকাৰ সময়ত ৰাওৱে বিভিন্ন সামাজিক সচেতনতামূলক কামেৰে এক নিজা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি ইয়াৰ পূৰ্বেও অৱসৰপ্ৰাপ্ত IPS বিষয়া অজয় কুমাৰ সিঙ আৰু শংকৰী বিদাৰীৰ বেংক একাউন্ট আৰু ইমেইল হেক কৰা হৈছিল ৷

লগতে পঢ়ক: ভাৰতৰ শক্তি বিতৰণ প্ৰণালীৰ ওপৰত চাইবাৰ আক্ৰমণ সম্ভৱঃ প্ৰশান্ত মালি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.