ETV Bharat / bharat

AAP-Congress in Delhi: আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট ! কেজৰিৱালে বৰ্জন কৰিব I.N.D.I.A গোটৰ তৃতীয় বৈঠক ! - লোকসভা

I.N.D.I.A গোটৰ তৃতীয় বৈঠকৰ পূৰ্বে আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত ব্যৱধান দেখিবলৈ পোৱা গৈছে ৷ দিল্লীৰ লোকসভা আসন ভাগ-বতৰাক লৈ কংগ্ৰেছৰ স্থিতিত সন্তুষ্ট নহয় আপ ৷ মুম্বাইত হ’ব লগা I.N.D.I.A গোটৰ বৈঠক আপে বৰ্জন কৰাৰ সম্ভৱনা ৷

AAP-Congress in Delhi
AAP-Congress in Delhi
author img

By

Published : Aug 16, 2023, 8:41 PM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট: বিৰোধী মিত্ৰজোঁট I.N.D.I.Aৰ তৃতীয়খন বৈঠক মহাৰাষ্ট্ৰত অনুষ্ঠিত হ'ব ৷ কিন্তু এই বৈঠকৰ পূৰ্বেই বিৰোধী ঐক্যত বিভেদ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ৷ বুধবাৰে ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলে দিল্লীত দলৰ হাইকমাণ্ডৰ সৈতে এখন বৈঠকত বহে ৷

জানিব পৰা মতে, আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে দিল্লীত এককভাৱে সাতখন আসনত প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল ৷ ইয়াকে লৈ অসন্তুষ্ট আদমী পাৰ্টী (AAP)৷ এনেবোৰ কাৰণতে এতিয়া কেজৰিয়ালে বিৰোধী ঐক্যৰ মহাৰাষ্ট্ৰত অনুষ্ঠিত হ’ব লগা বৈঠকখন বৰ্জন কৰাৰ সম্ভাৱনা আহি পৰিছে ৷

আপে কয় যে যদি আমি দিল্লীত একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰোঁ, তেন্তে I.N.D.I.A এলায়েন্সৰ কোনো অৰ্থ নাই ৷ আপৰ মুখপাত্ৰ প্ৰিয়ংকা কক্কৰে কয় যে আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দলৰ শীৰ্ষ নেতাসকলে ল'ব ৷ কিন্তু যেতিয়া কেৱল কংগ্ৰেছে সিদ্ধান্ত লয়, তেতিয়া আম আদমী পাৰ্টীয়ে I.N.D.I.A এলায়েন্সলৈ যোৱাৰ কোনো অৰ্থ নাই ৷

  • #WATCH | On attending INDIA alliance meeting, AAP spokesperson Priyanka Kakkar says "...If they (Congress) don't want to form an alliance in Delhi, then it makes no sense to go for INDIA alliance, it is a waste of time. The party's top leadership will decide whether or not to… pic.twitter.com/gLv4mg4dRf

    — ANI (@ANI) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, আপৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কয় যে কংগ্ৰেছ নেতাসকলৰ বৈঠকত যিবোৰ কথা ওলাইছে, সেই নেতাসকলৰ কথাৰ প্ৰতি আপে মনোযোগ নিদিয়ে ৷ এই সিদ্ধান্তই কেৱল দুয়োটা পক্ষৰ শীৰ্ষ নেতৃত্বই কৰিব ৷ দিল্লী কংগ্ৰেছৰ সভাপতি অনিল চৌধুৰীয়ে কয়, ‘‘বৈঠকত ৰাষ্ট্ৰীয় বিষয়সমূহ আলোচনা কৰা হয় । কংগ্ৰেছে 2024 চনত ভাল প্ৰদৰ্শন কৰিব ৷ 2025 চনৰ দিল্লী বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে ভাল ফল দেখুৱাব ৷’’

  • #WATCH | AAP Minister Saurabh Bhardwaj on Congress to contest on all 7 Lok Sabha seats in Delhi and possible alliance with Congress

    "...Our central leadership will decide this...Our political affairs committee and INDIA parties will sit together and discuss this (poll alliance)" pic.twitter.com/FjH7VuXPFV

উল্লেখ্য যে বিৰোধী দলসমূহৰ তৃতীয় খন বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হ'ব ৷ ইফালে দ্বিতীয় বৈঠকত আম আদমী পাৰ্টীয়ে উপস্থিত থকাৰ বিষয়টোও সন্দেহৰ আৱৰ্তত আছিল ৷ কিয়নো তেতিয়ালৈকে কংগ্ৰেছে কোৱা নাছিল যে তেওঁলোকে দিল্লীৰ বাবে অনা অধ্যাদেশক সমৰ্থন কৰিব ।

বৈঠকৰ ঠিক পূৰ্বে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে আপক আশ্বাস দি কয় যে তেওঁলোকে(কংগ্ৰেছে) ৰাজ্যসভাত কেন্দ্ৰই অনা অধ্যাদেশৰ বিৰুদ্ধে আম আদমী পাৰ্টীত সৈতে থিয় দিব ৷ ইয়াৰ পাচতেই আপে বৈঠকত উপস্থিত থাকিবলৈ সন্মত হয় ৷

লগতে পঢ়ক: Modi Surname case: ‘মোদী’ উপাধি বিতৰ্ক; ৰাঁচী আদালতত হাজিৰ হ’ব নালাগে ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.