ETV Bharat / bharat

হায়দৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

author img

By

Published : Feb 23, 2021, 10:50 AM IST

Updated : Feb 23, 2021, 12:13 PM IST

বিশ্বৰ আটাইতকৈ গতিশীল চহৰ হিচাপে পৰিচিত হ’ব বিচৰা হায়দৰাবাদৰ শিৰস্তানত খোদিত কৰা হৈছে এটি দুৰ্লভ মুকুতা ৷ সেউজ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চলাই থকা প্ৰচেষ্টাৰ পুৰস্কাৰ হিচাপে ৰাষ্ট্ৰসংঘৰ সন্থা এফ এ অ’ৰ সৈতে কাম কৰা ‘আৰ্ব’ৰ ডে’ ফাউণ্ডেছনে’ হায়দৰাবাদক ২০২০ বৰ্ষৰ ‘ট্ৰী চিটি’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৷

হাইদৰাবাদৰ শিৰত এটি দূৰ্লভ খিতাপ
হাইদৰাবাদৰ শিৰত এটি দূৰ্লভ খিতাপ

বিশ্বৰ আটাইতকৈ গতিশীল চহৰ হিচাপে পৰিচিত হ’ব বিচৰা হায়দৰাবাদৰ শিৰস্তানত খোদিত কৰা হৈছে এটি দুৰ্লভ মুকুতা ৷ সেউজ প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চলাই থকা প্ৰচেষ্টাৰ পুৰস্কাৰ হিচাপে ৰাষ্ট্ৰসংঘৰ সন্থা এফ এ অ’ৰ সৈতে কাম কৰা ‘আৰ্ব’ৰ ডে’ ফাউণ্ডেছনে’ হায়দৰাবাদক ২০২০ বৰ্ষৰ ‘ট্ৰী চিটি’ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ৷ এই স্বীকৃতি দিয়া হৈছে “কোটি বৃক্ষৰচানা” (এক কোটি গছৰ উপাসনা) অনুষ্ঠানটিৰ উন্মোচনৰ পাচদিনা ৷ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰৰ জন্মদিনৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটি উন্মোচন কৰা হৈছিল ৷

উল্লেখ্য যে, দেশৰ ভিতৰত হায়দৰাবাদেই হৈছে একমাত্ৰ চহৰ যি এই খিতাপ অৰ্জন কৰিছে ৷ সেউজীয়া ভালপোৱা প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ বাবে ই এক অতি উৎসাহজনক খবৰ ৷ সেউজ তেলেংগানাক অনাৱৰণ কৰিবৰ বাবে ৰাজ্যসভাৰ সদস্য সন্তোষ কুমাৰে ২০১৭ চনৰ জুলাই মাহত সেউজ ভাৰত প্ৰত্যাহ্বানৰ আৰম্ভ কৰিবলৈ এক বিশেষ উদ্যোগ হাতত লৈছিল ৷ এই একে ধৰণৰ উৎসাহকেই দেখা পোৱা গৈছিল ৰাজ্য চৰকাৰে পালন কৰা “হৰিতা হাৰম” (সেউজীয়া মালাধাৰ) আৰু “কোটি বিক্ষৰচানা” কাৰ্যসূচীত ৷

হাইদৰাবাদৰ শিৰত এটি দূৰ্লভ খিতাপ
হায়দৰাবাদৰ শিৰত এটি দুৰ্লভ খিতাপ

বোলছবিৰ অভিনেতাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰৰ বহু প্ৰসিদ্ধ লোক সেউজীকৰণ অভিযানত ভাগ ল’বলৈ অহাটো আছিল এক আদৰণি যোগ্য পদক্ষেপ ৷ ইমান বৃহৎ পৰিমাণৰ গছপুলি ৰোপণ কৰি সেউজীকৰণৰ কাৰ্যসূচী হাতত লোৱা পদক্ষেপতো কোনোপধ্যেই ব্যক্তিগত মুনাফা লাভৰ বাবে কৰা ঠেক গণ্ডীৰ ৰাজনৈতিক কৰ্ম হ’ব নোৱাৰে ৷ এই কাৰ্য হ’ল এনে এক যজ্ঞ, যি ৰাজ্যখনৰ জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক সন্তুলন বজাই ৰখাত দীৰ্ঘদিন ধৰি অৰিহণা যোগাই থাকিব ৷ গছপুলিসমূহক এজোপা বৃহৎ আকাৰৰ গছলৈ ৰূপান্তৰিত হোৱাত অৰিহণা যোগোৱা নীতিসমূহ আৰু জধে-মধে গছবোৰ কটাত বাধা প্ৰদান কৰা নীতিসমূহেই হ’ল সেউজীকৰণ আঁচনিক ব্যাপকভাৱে প্ৰসাৰতা দিয়াৰ মূল চাবি-কাঠী ৷

হায়দৰাবাদ চহৰক প্ৰদান কৰা এই দুৰ্লভ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে দেশৰ আন আন চহৰ-নগৰসমূহৰ মাজত এক সুস্থ প্ৰতিযোগিতাৰ সূচনা কৰা উচিত ৷ এখন সেউজ ভাৰত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া নাগৰিক সমাজে সেউজীকৰণ কাৰ্যত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব ৷ কেইবাবছৰ ধৰি প্ৰকৃতিবিদসকলে সেউজীকৰণক ব্যক্তিগত তথা সামাজিক স্তৰত এক আন্দোলন হিচাপে প্ৰচাৰ কৰাত জোৰ দি আহিছে ৷ পৰিৱেশ বিদসকলৰ সাৱধান বাণীৰ প্ৰতি দেখুওৱা অৱহেলামূলক মনোবৃত্তিৰ ফলতেই প্ৰদূষণে লাহে লাহে নিজৰ স্বৰূপ দেখুওৱা আৰম্ভ কৰি দিছে ৷

দক্ষিণ-পূৱ এছিয়াৰ গ্ৰীণ পীচ নামৰ সন্থা এটাৰ দ্বাৰা সমাপন হোৱা অধ্যয়ন এটাত উন্মোচন হৈছে যে দিল্লী, মুম্বাই, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আৰু লক্ষ্ণৌত ‘পাৰ্টিকুলেট মেটাৰ’ৰ দ্বাৰা বায়ু প্ৰদূষিত হোৱাৰ ফলত ১.২ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ এই সন্থাটোৱে অনুমান কৰা অনুসৰি এই ছখন চহৰত বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰাৰ নামত প্ৰায় ১.৩ লাখ কোটি টকা চিকিৎসা তথা দৰৱ-পাতিৰ বাবে ব্যয় কৰোতেই যায় ৷

সম্প্ৰতি পৰিৱেশ প্ৰদূষণে সমগ্ৰ বিশ্বৰে দেশসমূহক প্ৰভাৱিত কৰিছে ৷ যি নহওঁক ভাৰতবৰ্ষই এই দেশসমূহৰ ভিতৰত ৬৭ তম স্থান দখল কৰি আছে ৷ চীনৰ বনানীকৰণ আঁচনিৰ যোগেদি বাৰ্ষিক ২৫ টন কাৰ্বন-ডাই-অক্সাইড শোধন কৰি প্ৰতি বছৰে ৬০ কিল’গ্ৰাম অক্সিজেন মুকলি কৰিব পাৰিছিল ৷ চীনৰ দ্বাৰা পৰিচালিত হোৱা এই বনানীকৰণ আঁচনিয়ে কাৰ্যক্ষেত্ৰত সাংঘাতিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ক’ষ্টাৰিকাই তেওঁলোকৰ ভৌগোলিক ক্ষেত্ৰৰ সেউজ আৱৰণ ২১ শতাংশৰ পৰা ৫২ শতাংশলৈ বৃদ্ধি কৰিছে ৷ ঠিক একেদৰেই ব্ৰাজিলে তেওঁলোকৰ ভৌগোলিক ক্ষেত্ৰৰ সেউজ আৱৰণ বৃদ্ধি কৰি ৬০ শতাংশ কৰিছে ৷ গছক সুৰক্ষা প্ৰদান কৰা আৰু বৃদ্ধিৰ বাবে কৰা জন আন্দোলনৰ ফলস্বৰূপেহে এই দেশ কেইখনে এনে ধৰণৰ বৃহৎ সেউজ আৱৰণ পাবলৈ সক্ষম হৈছে ৷ গছে পৰিৱেশক সন্তুলন কৰি ৰাখি তাপমাত্ৰাৰ ভাৰসাম্যতা বজাই ৰাখে ৷ লগতে পানীৰ গতিও নিয়ন্ত্ৰণ কৰে ৷ গছসমূহ হ’ল মানৱ জাতিৰ সুস্থ ভৱিষ্যতৰ আধাৰশিলা স্বৰূপ ৷ নীতি আয়োগৰ সামাজিক বনানীকৰণক প্ৰচাৰ কৰাৰ পৰিকল্পনা আৰু কেন্দ্ৰীয় চৰকাৰৰ গ্ৰীণ ইণ্ডিয়া অনাৱৰণ কৰাৰ সিদ্ধান্ত কাগজতে আৱদ্ধ হৈ থকা এক মহৎ উদ্দেশ্য হৈয়ে থাকি যাব নালাগে ৷ যদি হায়দৰাবাদৰ কৃতকাৰ্যতাৰ দ্বাৰা সেউজীকৰণৰ বাবে আন আন চহৰ-নগৰসমূহক অনুপ্ৰেৰণা যোগাব পৰা যায়, তেনেহ’লে গ্ৰীণ ইণ্ডিয়া সপোনক প্ৰকৃতাৰ্থত ৰূপায়িত কৰাৰ ক্ষেত্ৰত ই এক ডাঙৰ পদক্ষেপ হ’ব ৷

লগতে পঢ়কঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী

Last Updated : Feb 23, 2021, 12:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.