ETV Bharat / bharat

বাইকত লিফ্ট দিবলৈ গৈ প্ৰাণ বিসৰ্জন: পিঠিত বেজী মাৰি হত্যা বাইক চালকক

লিফ্ট বিচাৰি বাইকত উঠাৰ পিছত অজ্ঞাত ব্যক্তিয়ে পিঠিত বেজী মাৰি হত্যা কৰে বাইকচালকক (Asking lift a person killed by injecting)!

author img

By

Published : Sep 20, 2022, 12:57 PM IST

murder
murder

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : আনক সহায় কৰিবলৈ গৈ নিজে দিবলগা হ'ল প্ৰাণ বিসৰ্জন । তাকো সহায় কৰা ব্যক্তিজনৰ হাততে ! খাম্মাম জিলাত সংঘটিত হৈছে এই অতি দুখজনক ঘটনাটো (sad incident happened in Khammam district) । এজন ব্যক্তিয়ে লিফ্ট বিচাৰি এখন বাইকৰ পিছফালে উঠে । কিন্তু পৰৱৰ্তী সময়ত তেওঁক সহায় কৰা ব্যক্তিজনকে পিঠিত বেজী দি হত্যা কৰে (asking lift a person killed by injecting) ।

তেলেংগানাৰ খাম্মাম জিলাৰ মুদিগোণ্ডা মণ্ডল বল্লভীত সোমবাৰে সংঘটিত এই হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰে (sensation across Telangana for killing man) ।

আৰক্ষী আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি, খাম্মাম জিলাৰ বোপাৰাম গাঁৱৰ শ্বেখ জামাল চাহেবৰ (৪৮) ডাঙৰ জীয়েকৰ বিয়া অন্ধ্ৰপ্ৰদেশৰ জগ্গায়াপেট মণ্ডলৰ গান্দ্ৰাইৰ এজন ব্যক্তিৰ সৈতে হৈছিল ৷ জামাল চাহেবৰ পত্নী ইমাম্বীয়ে তেওঁৰ জীয়েকৰ সৈতে তিনিদিন ধৰি আছে ৷ সোমবাৰে পুৱা তেওঁ বোপাৰামৰ পৰা পত্নীক ঘৰলৈ অনাৰ বাবে দুচকীয়া বাহন এখনত ৰাওনা হয় ।

তেওঁ যেতিয়া মটৰচাইকেল লৈ গৈ মুদিগোণ্ডা মণ্ডলৰ বল্লভীত উপস্থিত হয়, দুজন মানুহে তেওঁক ৰখাই লিফ্ট বিচাৰে । তেওঁলোকে জনায় যে তেওঁলোকৰ বাহনত পেট্ৰ'ল শেষ হৈছে আৰু যদি তেওঁ কোনোবা এজনক লিফ্ট দিয়ে তেন্তে তেওঁ গৈ পেট্ৰ'ল আনিব পাৰিব । এই প্ৰস্তাৱত তেওঁ সন্মত হৈ তাৰে এজন ব্যক্তিক বাইকত উঠাই লৈ তাৰ পৰা ৰাওনা হয় । কিন্তু অলপ দূৰ যোৱাৰ পিছতে তেওঁৰ পিছফালে বহি থকা মুখাপিন্ধা ব্যক্তিজনে জামাল চাহেবৰ পিঠিত এটা বেজীৰে আঘাত কৰে (man killed after lifting bike) ।

তেওঁ কিবা বিন্ধা অনুভৱ কৰাৰ লগে লগে বাইকৰ গতি মন্থৰ কৰে আৰু মূৰ ঘূৰোৱা অনুভৱ কৰে । যেতিয়া তেওঁ সুধি আছিল যে তেওঁ কি কৰিছে তেতিয়া অভিযুক্তজনে তেওঁৰ পিছফালে আহি থকা আন এজন অভিযুক্তৰ বাইকত জঁপিয়াই উঠি পলায়ন কৰে । আনহাতে, জামালে নিজৰ বাইকখন কিছু দূৰ আগুৱাই লৈ গৈ ৰখাবলৈ বাধ্য হয় । তাৰ পিছত তেওঁ ৰাস্তাৰ কাষৰ মানুহক খোৱাপানী বিচাৰে । পানী খোৱাৰ পিছত তেওঁ উক্ত লোকসকলক তেওঁৰ পত্নীক ফোন কৰিবলৈ কয় । কিন্তু সেই সময়ত তেওঁৰ পত্নীয়ে ফোন গ্ৰহণ কৰা নাছিল ।

ইতিমধ্যে মুখাপিন্ধা ব্যক্তিজন আৰু বেজীৰ বিষয়ে স্থানীয় লোকসকলক কোৱাৰ পিছতে জামাল মূৰ্চা যায় । স্থানীয় লোকে তেওঁক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় আৰু তাত চিকিৎসকসকলে নিশ্চিত কৰে যে জামালৰ আদবাটতে মৃত্যু হৈছে । ঘটনাটো অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু তদন্ত আৰম্ভ কৰে । ঘটনাস্থলীত এটা চিৰিঞ্জ পৰি থকা অৱস্থাত আৰক্ষীয়ে লাভ কৰে । খাম্মাম গ্ৰাম্য চিআই শ্ৰীনিবাসে মৃতকৰ জোঁৱায়েক লাল চাহেবৰ অভিযোগৰ ওপৰত ভিত্তি কৰি এটা গোচৰ ৰুজু কৰে ।

সমগ্ৰ ঘটনা পূৰ্ব পৰিকল্পিত আছিল নেকি ?

উল্লেখ্য, অভিযুক্তজনে জামাল চাহেবৰ আগতে মাইছায়া নামৰ এজন ব্যক্তিক লিফ্ট বিচাৰিছিল । কিন্তু তেওঁ বাইকখন ৰখালেও তেওঁলোকত বাইকত উঠাবলৈ অমান্তি হয় । তাৰ পিছতে তাত আহি উপস্থিত হয় জামাল চাহেব । তেওঁ তাত বাইকখন ৰখাই লিফ্ট দিয়ে । এই ঘটনাৰ পৰিপ্ৰেক্ষিততে পূৰ্ব পৰিকল্পনা অনুসৰিয়ে অভিযুক্তই জামালক হত্যা কৰা বুলি ধাৰণা কৰা হৈছে ।

অৱশ্যে ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই । অভিযুক্ত মানসিক ৰোগী আছিল নেকি ? আৰক্ষীয়ে সকলো সম্ভৱ দিশত মনোনিবেশ কৰি আছে । আনহাতে, এইটো বিশ্বাস কৰা হৈছে যে পাগল কুকুৰক হত্যা কৰিবলৈ ব্যৱহৃত ৰাসায়নিক পদাৰ্থ জামালক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হয় । এতিয়া আৰক্ষীৰ তদন্ততহে সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা যাব । ইফালে অভিযুক্তক কৰায়ত্ত কৰিবলৈ বিশেষ দল নিয়োগ কৰা হৈছে (special teams appointed to nab accused) ।

লগতে পঢ়ক :ৰাজনৈতিক দলসমূহৰ নগদ অনুদান সন্দৰ্ভত আইন মন্ত্ৰালয়লৈ পত্ৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.