নিউজ ডেস্ক, 4 জানুৱাৰী: কেৰালাৰ কঝিকোডে জিলাৰ ভাদাকাৰাত মৃত্যু হৈছে অসমৰ এজন যুৱকৰ ৷ যুৱকজনক তেওঁৰ সহযাত্ৰীয়ে চলন্ত ৰেলৰ পৰা ঠেলা মাৰি দিয়াৰ ফলতে মৃত্যু হয় ৷ নিহত যুৱকজন বিবেক আৰু অভিযুক্ত যুৱকজন মুফাদুৰ ইছলাম বুলি জানিব পৰা হৈছে(Assam Boy Dies in Kerala) ৷ প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কেৰালাত কৰ্মৰত হৈ আছিল দুয়ো ৷ শুকুৰবাৰে সন্ধিয়া কান্নুৰ-এৰ্নাকুলাম ইণ্টাৰচিটি এক্সপ্ৰেছত সংঘটিত হয় এই ঘটনা ।
ৰাজ্যখনৰ মাহী আৰু ভাদাকাৰা অঞ্চলৰ মাজত কান্নুৰ-এৰ্নাকুলাম ইণ্টাৰচিটি এক্সপ্ৰেছতএ ই ঘটনা সংঘটিত হয় ৷ বিবেকে মুফাদুৰ ইছলাম সৈতে ভাদাকাৰাৰ অভিমুখে গৈ থকা সময়তে মুক্কালিত দুয়োৰে মাজত কোনো কোনো বিষয়ক লৈ সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ এই বাক বিতণ্ডা ক্ৰমে বৃদ্ধি প্ৰায় আৰু দুয়ো হতাহতিত লিপ্ত হয় ৷ ইয়াৰ পাচতেই মুফাদুৰ ইছলামে বিবেকক ঠেলা মাৰি দিয়াত ৰেলখনৰ পৰা বিবেক পৰি যায় ৷
এই ঘটনাত বিবেক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু তেওঁক ততাতৈয়াকৈ কঝিকোডে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসালয়ত বিবেকৰ মৃত্যু হয় ৷ আনহাতে ৰেলৱে আৰক্ষীয়ে ইতিমধ্যে মুফাদুৰ ইছলামক জিম্মাত লৈছে ৷ ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুয়োজনে মাহীৰ পৰা সুৰাপান কৰি ৰে'লখনত উঠিছিল ৷
লগতে পঢ়ক: Nagaland JDU State Unit Joins LJPR: নাগালেণ্ডত ধূলিস্যাৎ হ’ল নীতিশ কুমাৰৰ JDU