নেশ্যনেল ডেস্ক,১৬ মাৰ্চ: অৱশেষত গ্ৰেপ্তাৰ হ'ল শিৰোমণি আকালি দলৰ ৯ গৰাকী বিধায়ক । অভিযোগ অনুসৰি, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰক বিগত সপ্তাহত বিধানসভা ভৱন চৌহদৰ বাহিৰত আগভেটি নানা প্ৰশ্ন কৰি দুৰ্ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছিল বিধায়ক কেইজনে । শৰঞ্জিত সিং ধিল্ল'ন আৰু বিক্ৰম সিং মজিথিয়াসহ মুঠ ৯ গৰাকী বিধায়কৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল ।
এই অভিযোগৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধিৰ ১৮৬ নং ধাৰা (ৰাজহুৱা কাৰ্য সম্পাদনত জন সেৱকক বাধা দিয়া), ৩২৩ নং ধাৰা(ইচ্ছাকৃতভাৱে আঘাত কৰা) আৰু ৩৪১ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয় । যোৱা ১০ মাৰ্চত বিধানসভা ভৱনৰ বাহিৰত মুখ্যমন্ত্ৰী খট্টৰৰ যাত্ৰাত বাধা প্ৰদান কৰি কেন্দ্ৰই গৃহীত কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে ৰাজ্যিক বিধানসভাত এক প্ৰস্তাৱ গৃহীত কৰিবলৈ বিধায়কসকলে দাবী জনাইছিল ।
ইয়াৰ পিছত, হাৰিয়ানা বিধানসভা সচিবালয়ে খট্টৰৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত পঞ্জাৱৰ বিধায়ককেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত লয় । হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ গিয়ান চন্দ গুপ্তাই সোমবাৰে এই ঘটনাক গৰিহণা দিয়ে । লগতে তেওঁ সদনক জনায় যে, যোৱা সপ্তাহত তেওঁ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি থকাৰ সময়ত পঞ্জাৱৰ শিৰোমণি আকালি দলৰ বিধায়কৰ এটা দলে বিধানসভা ভৱনৰ বাহিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল ।
অৱশেষত আৰক্ষীয়ে শৰঞ্জিত সিং ধিল্ল'ন, বিক্ৰম সিং মজিথিয়া, বলদেৱ সিং খৈৰা, হৰিন্দৰ পল সিং চন্দুমাজৰা, কনৱাড়জিত সিং বাৰকান্দি, মনপ্ৰীত সিং আয়ালি, গুৰপতাপ সিং ৱাডালা, নৰিন্দৰ কুমাৰ শৰ্মা আৰু আন এগৰাকী বিধায়কক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক: আইপিএলৰ বাবে চেন্নাইয়ে আৰম্ভ কৰিলে অনুশীলন