ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ভাৰ্টিকেল ছাৰ্লি একলব্যৰ নেতৃত্বত ৰাফেল - ফ্লাইপাষ্ট

26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব ফ্লাইপাষ্ট ৷ মুঠ 42 খন আকাশী যানে এই ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব যদিও সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব ভাৰতীয় বায়ুসেনাত শেহতীয়াকৈ সংযোজন কৰা ৰাফেল যুদ্ধবিমানত ৷

গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্ট ভাৰ্টিকেল ছাৰ্লি একলব্যৰ নেতৃত্বত ৰাফেল

author img

By

Published : Jan 19, 2021, 5:32 PM IST

নিউজ ডেস্ক, 19 জানুৱাৰী : চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ মুখ্য পেৰেডৰ অংশ হিচাপে থকা ফ্লাইপাষ্টত দৰ্শকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব ৰাফেল ৷ গণতন্ত্ৰ দিৱসৰ ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব মুঠ 42 খন আকাশী যানে ৷ ইয়াৰ ভিতৰত ভাৰতীয় বায়ুসেনাৰ 38 খন বিমান আৰু ভাৰতীয় স্থলসেনাৰ 4 খন হেলিকপ্টাৰ অন্যতম যদিও বায়ুসেনাৰ ৰাফেল যুদ্ধবিমানত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব ৷

বায়ুসেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷ বায়ুসেনাৰ মুঠ বিমানৰ ভিতৰত 15 খন যুঁজাৰু বিমান, 5 খন পৰিবহন বিমান, 17 খন হেলিকপ্টাৰ আৰু এখন বৰ্ষীয়ান বিমানে চলিত বৰ্ষৰ ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব ৷ স্থলসেনাৰ ফালৰ পৰা চাৰিখন হেলিকপ্টাৰে ফ্লাইপাষ্টৰ সময়ত বায়ুসেনাক সহযোগ কৰিব ৷

ফ্লাইপাষ্টৰ সময়ত নিশান, ৰুদ্ৰ, সুদৰ্শন, ৰক্ষক, ভীম, নেত্ৰ, গাড়ুডা, একলব্য, ত্ৰিনেত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ গাঁথনিৰে আকাশত গৰজিব এইসমূহ আকাশী যানে ৷ দুটাকৈ খণ্ডত ফ্লাইপাষ্ট সম্পন্ন কৰা হ’ব ৷ প্ৰথমটো 10:04 বজাৰ পৰা 10:20 বজালৈ আৰু দ্বিতীয়টো 11:20 বজাৰ পৰা 11:45 বজাৰ ভিতৰত সম্পন্ন কৰা হ’ব ৷

প্ৰথম খণ্ডত তিনিটা গাঁথনি থাকিব যাক নেতৃত্ব দিব নিশান গাঁথনিয়ে ৷ নিশান গাঁথনিত চাৰিখন Mi17-V5 হেলিকপ্টাৰ থাকিব যিয়ে ৰাষ্ট্ৰীয় পতাকাৰ লগতে স্থলসেনা,বায়ুসেনা আৰু নৌ-সেনাৰ ধ্বজা কঢ়িয়াব ৷ পেৰেড কামাণ্ডাৰৰ 10 ছেকেণ্ড আগত এই গাঁথনিয়ে আকাশ উৰণ সম্পন্ন কৰিব ৷ নিশানৰ পিচতেই আৰ্মি এভিয়েশ্বন ক’ৰৰ চাৰিখন ধ্ৰুৱ হেলিকপ্টাৰে উৰণ সম্পন্ন কৰিব ৷ প্ৰথম খণ্ডৰ তৃতীয় তথা শেষৰটো গাঁথনি; ৰুদ্ৰ যাক 1971 চনৰ যুদ্ধৰ স্বৰ্ণজয়ন্তী বৰ্ষৰ বাবে গঠন কৰা হৈছে আৰু ইয়াত বিজয় চিহ্নৰে এখন ডাকোটা বিমানৰ সৈতে দুখন Mi 17-1V হেলিকপ্টাৰ থাকিব ৷ ইয়ে বাংলাদেশ সশস্ত্ৰ বাহিনীৰ পেৰেডৰ সৈতে একেলগে উৰণ সম্পন্ন কৰিব ৷

দ্বিতীয় খণ্ডত মুঠ নটা গাঁথনি থাকিব ৷ প্ৰথম দুটা গাঁথনিত থাকিব সুদৰ্শন আৰু ৰক্ষক ৷ সুদৰ্শনত এখন চিনুকৰ নেতৃত্বত দুখন Mi-17-1V হেলিকপ্টাৰ থাকিব আৰু ৰক্ষকক নেতৃত্ব দিব এখন Mi-17-1V হেলিকপ্টাৰে আৰু ইয়াৰ পিচত উৰিব চাৰিখন আপাচি হেলিকপ্টাৰে ৷ ইয়াৰ পিচতেই থাকিব ভীম গাঁথনি যাক নেতৃত্ব প্ৰদান কৰিব ভাৰতীয় বায়ুসেনাৰ সুবিশাল পৰিবহনকাৰী বিমান C-130 হাৰকুলিছে ৷ ভীমৰ পিচতেই উৰিব নেত্ৰ আৰু গাড়ুডা গাঁথনিয়ে ৷ নেত্ৰ গাঁথনি পূৰ্বৰ দৰেই একে থাকিব যদিও গাড়ুডা গাঁথনিত এখন C-17 গ্লোবমাষ্টাৰ থাকিব আৰু ইয়াক অনুসৰণ কৰি একেলগে উৰিব দুখন MiG 29 আৰু দুখন Sukhoi Su-30MKI যুদ্ধবিমানে ৷ ইয়াৰ পিচতেই পঞ্চমটো গাঁথনি, একলব্যক নেতৃত্ব দিব এখন ৰাফেল যুদ্ধবিমানে, যাক দুখন জেগুৱাৰ আৰু দুখন MiG-29 যুদ্ধবিমানে সংগ দিব ৷

ইয়াৰ পিচতেই দেৱাদিদেৱ মহাদেৱৰ ত্ৰিশূলৰ আকাৰত ত্ৰিনেত্ৰ গাঁথনিৰে ফ্লাইপাষ্টত অংশগ্ৰহণ কৰিব তিনিখন Su-30 যুদ্ধবিমানে ৷ ইয়াৰ সমান্তৰালকৈ তিনিখন সাৰংগ হেলিকপ্টাৰে বিজয় আকাৰত উৰণ সম্পন্ন কৰিব ৷

সমগ্ৰ ফ্লাইপাষ্টটোৰ অন্তত শেষ উৰণ সম্পন্ন কৰিব ব্ৰহ্মাস্ত্ৰ গাঁথনিয়ে ৷ ব্ৰহ্মাস্ত্ৰ গাঁথনিত এখন ৰাফেল যুদ্ধবিমানে অংশগ্ৰহণ কৰিব আৰু বায়ুসেনাৰ আকৰ্ষণীয় ভাৰ্টিকেল ছাৰ্লি অৰ্থাৎ শব্দতকৈ তিনিগুণ অধিক গতিবেগত ওলোটা উৰণ সম্পন্ন কৰিব ৷

লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ পেৰেডত নাথাকে মুখ্য অতিথি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.