নেশ্যনেল ডেস্ক,১০ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ চাহাৰনপুৰত শোকাবহ ঘটনা । উচ্চ প্ৰাবল্যৰ বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় তিনিগৰাকী শ্ৰমিকৰ (3 labourers killed in UP due to electrocution)। আনহাতে গুৰুতৰভাৱে আহত আন এজন শ্ৰমিক । আৰক্ষীয়ে জনোৱা মতে শনিবাৰে গছ কাটিবলৈ যোৱাৰ সময়তে এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় ।
আৰক্ষী অধীক্ষক সূৰজ ৰায়ে সংবাদমাধ্যমক জনোৱা মতে শ্ৰমিক কেইজনে ৰামপুৰ মণিহৰণ আৰক্ষী থানাৰ অন্তৰ্গত মাদনুকি গাঁৱৰ এজন ব্যক্তিৰ ফাৰ্মত গছ কাটিবলৈ গৈছিল । তেতিয়াই উচ্চ প্ৰাবল্যৰ তাঁৰ লাগি মৰ্মান্তিক ঘটনাটো সংঘটিত হয় । মৃত শ্ৰমিককেইজন ক্ৰমে ছাদ্দাম, নৌশাদ আৰু অজয় বুলি চিনাক্ত কৰা হৈছে (3 labourers died in UP Saharanpur)।
আনহাতে দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত আৰিফক চিকিৎসাৰ বাবে চণ্ডিগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হৈছে । এই দুৰ্ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :বোকাময় পথত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকে