ETV Bharat / bharat

Maoist killed: মধ্য প্ৰদেশত ২ মহিলা মাওবাদী নিহত, মাৰণাস্ত্ৰ উদ্ধাৰ - Maoist killed in MP

মধ্য প্ৰদেশত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান (Operation against Maoist)। আৰক্ষীৰ সৈতে সংঘৰ্ষত ২ মহিলা মাওবাদী নিহত । যথেষ্ট পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ ।

Maoist killed
মধ্য প্ৰদেশত ২ মহিলা মাওবাদী নিহত
author img

By

Published : Apr 22, 2023, 12:27 PM IST

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল : মধ্য প্ৰদেশত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Operation against Maoist)। তেনে এক অভিযানৰ মাজতে আৰক্ষীৰ গুলীত নিহত দুই মহিলা মাওবাদী (2 Female Maoist killed in MP)। শনিবাৰে ৰাজ্যখনৰ বালাঘাট জিলাত সংঘটিত হৈছে এই ঘটনা । দুয়োগৰাকী মাওবাদীৰ ওপৰত ১৪ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

হক ফ'ৰ্চ মধ্য প্ৰদেশৰ বাবে এয়া এক বৃহৎ সফলতা (MP Hawk Force operation)। শনিবাৰে পুৱাৰ ভাগত গড়ী আৰক্ষী থানাৰ অন্তৰ্গত কাদলাৰ অৰণ্যত হক বাহিনীৰ সৈতে মাওবাদীৰ এক সংঘৰ্ষ হয় । কেইবা দশক ধৰি মাওবাদীৰ সন্ত্ৰাস অব্যাহত থকা জিলাখনত বালাঘাট আৰক্ষীয়ে যোৱা বছৰ ৬ টা কুখ্যাত মাওবাদীক গুলীয়াই হত্যা কৰিছিল । একে সময়তে, বালাঘাট আৰক্ষীয়ে পুনৰ মহিলা মাওবাদীক হত্যা কৰিছে (Clashes between Maoist and Police)। নিহত মাওবাদী কেডাৰ দুগৰাকী দালামত এৰিয়া কমাণ্ডাৰ আৰু গাৰ্ড হিচাবে নিযুক্ত আছিল বুলি জানিব পৰা গৈছে ।

নিহত মাওবাদী কেইগৰাকী সুনীতা আৰু সৰিতা বুলি চিনাক্ত হৈছে (Maoist killed in MP)। এচিএম ভোৰাম দেৱ এৰিয়া কমাণ্ডাৰ সুনীতাই টাডা দালামত কাম কৰি আছিল আৰু বৰ্তমান ভিষ্টাৰ দালমত নিযুক্ত আছিল । খাতিয়া মোচা এচিএম কবীৰৰ সৈতে ৰক্ষী হিচাবে কাম কৰিছিল সৰিতাই ।

পুৱাৰ ভাগত সংঘটিত এই সংঘৰ্ষত অধিক মাওবাদী আহত হোৱা বুলি জানিব পৰা গৈছে । অৱশ্যে এতিয়ালৈ আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰা নাই । সংঘৰ্ষৰ পাচতে ঘটনাস্থলীত আৰক্ষী মহাপৰিদৰ্শ, আৰক্ষী অধীক্ষকে ধৰি বহু শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈছে । লগতে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অঞ্চলটোত আৰক্ষীয়ে অভিযানো আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে । ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পিষ্টল, গুলী আৰু বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক :Bastar Fighters of Chhattisgarh : মাওবাদীক প্ৰত্যাহ্বান জনাবলৈ সাজু ছত্তীশগড়ৰ ২৮০ গৰাকী যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.