ETV Bharat / bharat

ৰাষ্ট্ৰপতিৰ হাতত ২০২১-২৬ বৰ্ষৰ প্ৰতিবেদন দাখিল ১৫ সংখ্যক বিত্ত আয়োগৰ

author img

By

Published : Nov 9, 2020, 7:24 PM IST

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতত ২০২১-২৬ বৰ্ষৰ প্ৰতিবেদন জমা দিলে ১৫ সংখ্যক বিত্ত আয়োগে। এই কাৰ্যত আয়োগৰ অধ্যক্ষ এন কে সিঙক সহযোগ কৰে সদস্য় অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিং, ড০ অশোক লাহিৰি আৰু ড০ ৰমেশ চান্দ আৰু সচিব অৰবিন্দ মেহৰাই। এই প্ৰতিবেদনৰ শিৰোনাম ৰখা হৈছে 'ফাইনেন্স কমিছন ইন ক'ভিড টাইমছ'।

২০২১-২৬ বৰ্ষৰ প্ৰতিবেদন ৰাষ্ট্ৰপতিক দাখিল কৰিলে ১৫ সংখ্যক বিত্ত আয়োগে

নেশ্যনেল ডেস্ক, ৯ নৱেম্বৰ: অধ্য়ক্ষ এন কে সিঙৰ নেতৃত্বত ১৫ সংখ্যক বিত্ত আয়োগে ভাৰতৰ ৰাষ্ট্ৰপতিক ২০২১-২২ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতিবেদন জমা দিয়ে। চৰকাৰী সূত্ৰই সোমবাৰে এই কথা প্ৰকাশ কৰে। আয়োগৰ সদস্য অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিং, ড০ অশোক লাহিৰি আৰু ড০ ৰমেশ চান্দ আৰু সচিব অৰবিন্দ মেহৰাই অধ্যক্ষসহ 'ক'ভিড কালত বিত্ত আয়োগ' শীৰ্ষক প্ৰতিবেদনখন দাখিল কৰে।

৫ বছৰৰ বাবে ২০২১-২২ আৰু ২০২৫-২৬ বৰ্ষৰ বাবে চলিত বৰ্ষৰ ৩০ অক্টোবৰৰ ভিতৰত প্ৰতিবেদন জমা দিবলৈ আয়োগক নিৰ্দেশ দিয়া হৈছিল। উলম্ব কৰ বিচ্যুতি, স্থানীয় চৰকাৰৰ অনুদান, দুৰ্যোগৰ সময়ৰ সাহায্য প্ৰদান আদি বিষয়ত আয়োগে প্ৰতিবেদনখনত মতামত আগবঢ়াইছে। বিদ্যুৎ ক্ষেত্ৰকে ধৰি বিভিন্ন ক্ষেত্ৰত ৰাজ্যসমূহৰ প্ৰদৰ্শন সন্দৰ্ভত পৰীক্ষণ কৰিবলৈ আৰু মতামত দাঙি ধৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বিত্ত আয়োগক।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যে, প্ৰতিৰক্ষা ক্ষেত্ৰত সুকীয়া অনুদানৰ ব্য়ৱস্থা থাকিলেও আয়োগক প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত মতপ্ৰকাশ কৰিবলৈ কোৱা হৈছিল। প্ৰতিবেদনখনক ৪টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম দুটা ভাগত মুখ্য প্ৰতিবেদনৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। তৃতীয় ভাগত কেন্দ্ৰীয় চৰকাৰৰ বাবে সমৰ্পিত কৰা হৈছে আৰু মুখ্য বিভাগসমূহৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে। প্ৰত্যাহ্বান আৰু ইয়াক নেওচি আগবাঢ়ি যোৱাৰ কেতবোৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। চতুৰ্থ ভাগত ৰাজ্যসমূহৰ বিত্ত বিভাগৰ বিষয়ে আলোচনা কৰা হৈছে।

ৰাজ্য়সমূহে সন্মুখীন হোৱা সমস্যা সম্বন্ধে ব্যাখ্যা দাঙি ধৰা হৈছে। সংসদত কেন্দ্ৰই প্ৰতিবেদনখনত অৱতাৰণা কৰা সমস্যাসমূহ সমাধানৰ সঠিক যুক্তিসহ প্ৰতিবেদন উপস্থাপন কৰাৰ পিছতে ৰাজহুৱা কৰা হ'ব ১৫ সংখ্যক বিত্ত আয়োগৰ প্ৰতিবেদন। বিগত বৰ্ষতো আয়োগে নিজৰ প্ৰতিবেদনত ২০২০-২২ বৰ্ষৰ বাবে মতামত দিছিল, যাক কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰে আৰু ২০২০ চনৰ ৩০ জানুৱাৰীত সংসদত উপস্থাপন কৰে ৷

লগতে পঢ়ক:দীপাৱলী উপলক্ষে লতা মংগেশকাৰৰ বিশেষ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.