ETV Bharat / bharat

পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ বঞ্চিত শিক্ষকৰ - tripura sacked teacher

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ 10,323 গৰাকী শিক্ষকৰ ৷ পোনপটীয়া নিযুক্তি বিচাৰি ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে শিক্ষকসকল ৷

teachers again moves high court seeking direct recruitment
পোনপটীয়া নিযুক্তিৰ দাবী ত্ৰিপুৰাৰ বঞ্চিত শিক্ষকৰ
author img

By

Published : Apr 24, 2021, 9:36 AM IST

আগৰতলা,24 এপ্ৰিল: শীৰ্ষ আদালতৰ এক নিৰ্দেশৰ পাছত চাকৰি হেৰুওৱা ত্ৰিপুৰাৰ দুৰ্ভগীয়া 10,323 গৰাকী শিক্ষক পুনৰ ন্যায়ালয়ৰ কাষ চাপিছে ৷ এইবাৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদত পোনপটীয়া নিযুক্তি বিচাৰি শিক্ষকসকল ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৷

বিজয় কৃষ্ণ সাহা নামৰ এগৰাকী শিক্ষকে জানিবলৈ দিয়া মতে, ন্যায়াধীশ অৰিন্দম লোধৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে শিক্ষকসকলে উত্থাপন কৰা বিষয়সমূহ বিবেচনা কৰাৰ পাচত চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ প্ৰদান কৰি ৰাজ্য চৰকাৰলৈ এখন জাননী প্ৰেৰণ কৰে ৷

সাহাই জানিবলৈ দিয়া মতে, উচ্চতম ন্য়ায়ালয়ে প্ৰদান কৰা ৰায়ৰ 18 নং দফাত এই কথা স্পষ্টভাৱে কোৱা হৈছে যে, পদৰ পৰা অব্যাহতি দিয়া শিক্ষকসকলক সান্তনা হিচাপে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি দিব পৰা যায় ৷ চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি সাহাই লগতে এইবুলিও কয় যে, শিক্ষকসকলক অন্য নিবনুৱা যুৱক-যুৱতীৰ সৈতে এক সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আহ্বান জনোৱা হৈছিল যদিও এই কথা কেতিয়াও গ্ৰহণযোগ্য নহয় ৷

লগতে পঢ়ক: ত্ৰিপুৰাত তৰমুজ খেতিৰে উদ্যোগপতি হোৱাৰ সপোন এজন খেতিয়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.