ETV Bharat / bharat

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সফলতাৰ বছৰ ২০২০ চন - ১,৫০০ কোটি টকাৰ অবৈধ সামগ্ৰী

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ২০২০ চনত ভাৰতীয় একচেটিয়া অৰ্থনৈতিক অঞ্চলত ১,৫০০ কোটি টকাৰ অবৈধ সামগ্ৰী , ১০ খন বিদেশী মাছ ধৰা নাও আৰু ৮০ জন সন্দেহযুক্ত সৰবৰাহকাৰী আটক কৰিছে ।

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সফলতাৰ বছৰ ২০২০ চন

author img

By

Published : Jan 31, 2021, 9:15 PM IST

নিউজ ডেস্ক , ৩১ জানুৱাৰী : ২০২০ চনটো ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে আছিল এটা সফলতাৰ বছৰ । দেওবাৰে বাহিনীটোৱে সফলতাৰ বিষয়ে এক বিবৃতি প্ৰকাশ কৰে । বিবৃতি অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে বিগত বছৰত ভাৰতীয় একচেটিয়া অৰ্থনৈতিক অঞ্চলত ১,৫০০ কোটি টকাৰ অবৈধ সামগ্ৰী জব্দ কৰাৰ লগতে ১০ খন অবৈধ বিদেশী মাছ ধৰা নাও আৰু ৮০ গৰাকী সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ যে এটা দেশৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল হৈছে উপকূলৰ পৰা সাগৰৰ প্ৰায় ৩৭০ কি:মি: সম্প্ৰসাৰিত অঞ্চল, য'ত মাছ, ড্ৰিল আৰু অন্যান্য অৰ্থনৈতিক কাৰ্যকলাপ পৰিচালনা কৰাৰ একচেটিয়া অধিকাৰ আছে।

বিবৃতিত মতে যোৱা বছৰত প্ৰায় ১১ টাকৈ বৃহৎ ঘূৰ্ণীবতাহত ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিছে প্ৰায় ৬ হাজাৰ খন মাছ ধৰা নাও আৰু প্ৰায় ৪০ হাজাৰ মাছমৰীয়াক উদ্ধাৰ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । উল্লেখ যে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰায় ২ নিযুত বৰ্গ কিলোমিটাৰ এলেকা নিৰীক্ষণৰ দায়িত্ব আছে । ইফালে সংস্থাটোৱে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ইয়াৰ ৪৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব বুলিও বিবৃতিটোত কোৱা হৈছে।

ইফালে মহামাৰীৰ দ্বাৰা আৰোপ কৰা প্ৰতিবন্ধকতা স্বত্বেও ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে দৈনিক প্ৰায় ৫০ খন জাহাজ আৰু ১২ খন বিমানেৰে ভাৰতীয় একচেটিয়া অৰ্থনৈতিক অঞ্চলত ২৪ ঘন্টাই নিৰীক্ষণ কৰি আছে । বিবৃতিটোত উল্লেখ কৰা মতে ১৯৭৮ চনত মাত্ৰ সাতটা পৃষ্ঠ মঞ্চৰ সৈতে এক সামান্য আৰম্ভণিৰ পৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ১৫৬ খন জাহাজ আৰু ৬২ খন বিমানৰ সৈতে এক দুৰ্ধৰ্ষ শক্তিলৈ ৰূপান্তৰিত হৈছে আৰু ২০২৫ চনৰ ভিতৰত ২০০ টা পৃষ্ঠ প্লেটফৰ্ম আৰু ৮০ খন বিমানৰ লক্ষ্যস্থিৰ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।

লগতে পঢ়ক :আইজলত ড্ৰাগচ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.