ETV Bharat / snippets

সৰ্পদংশনত মৃত্যু দুষ্প্রাপ্য মেঠোনৰ

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 7:19 AM IST

indian bison dies of snake bite in Nambor Wildlife Santuary of Golaghat
সৰ্পদংশনত মৃত্যু দুষ্প্রাপ্য মেঠোনৰ (ETV Bharat Assam)

গোলাঘাট, 3 আগষ্ট: গোলাঘাটৰ নামবৰ দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ হুৰহুৰি বন শিবিৰৰ সমীপত শুকুৰবাৰে মৃত অৱস্থাত এটা মেঠোন উদ্ধাৰ কৰে বনবিভাগে ৷ এই খবৰ লাভ কৰাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় গোলাঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা চিকিৎসকৰ দল ৷ চিকিৎসকৰ দলটোৱে মেঠোনটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাচতে গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে ৷

আনহাতে, সৰ্প দংশনৰ ফলত মেঠোনটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, নামবৰ দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্য ক্ৰমান্বয়ে সংকুচিত হৈ অহাৰ ফলত লুপ্ত হ'বলৈ ধৰিছে মেঠোনৰ সংখ্যা । বন বিভাগে লুপ্তপ্ৰায় মেঠোনৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.