ETV Bharat / entertainment

ভুল ভুলইয়াৰ পিছত ভূত বাংলা : খলকনি লগাবলৈ সাজু অক্ষয় কুমাৰ - Akshay Kumar birthday post

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 1:23 PM IST

Akshay Kumar new movie: অক্ষয় কুমাৰে তেওঁৰ জন্মদিনত তেওঁৰ অনুৰাগীসকলক এটা ডাঙৰ উপহাৰ দিছে । তেওঁৰ 57 সংখ্যক জন্মদিনত, অক্ষয় কুমাৰে তেওঁৰ নতুন ভৌতিক কমেডি ছবি ভূত বাংলা ঘোষণা কৰিছে আৰু ছবিখনৰ প্ৰথম লুক শ্বেয়াৰ কৰি ইয়াৰ মুক্তি বৰ্ষ ঘোষণা কৰিছে ।

Akshay Kumar announces Bhooth Bangla With Priyadarshan after 14 years on his birthday See first look
খলকনি লগাবলৈ সাজু অক্ষয় কুমাৰ (Movie Poster)

চিটাৰা ডেস্ক, 9 ছেপ্টেম্বৰ : অক্ষয় কুমাৰে আজি তেওঁৰ 57 সংখ্যক জন্মদিন উদযাপন কৰিছে । বিশষে দিনটোত অক্ষয় কুমাৰৰ অনুৰাগী আৰু বহুতো চেলেব্ৰিটীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে । অক্ষয় কুমাৰে তেওঁৰ জন্মদিনত তেওঁৰ অনুৰাগীসকলক এটা উপহাৰো দিছে । অভিনেতাজনে 9 ছেপ্টেম্বৰত তেওঁৰ নতুন ভৌতিক কৌতুক ছবি ‘ভূত বাংলা’ ঘোষণা কৰিছে । লগতে ভূত বাংলা চলচ্চিত্ৰখনৰ এখন পোষ্টাৰো দেখিবলৈ পোৱা গৈছে । ভূত বাংলো ছবিখন প্ৰিয়দৰ্শনে নিৰ্মাণ কৰিব । এই যুটিটোৱে ইয়াৰ পূৰ্বে ভুল ভুলইয়া ছবিখনৰ জৰিয়তে খলকনিৰ সৃষ্টি কৰিছিল ।

  • ভুল ভুলইয়াৰ পৰিচালকে আনিছে ‘ভূত বাংলা’

ভূত বাংলা চলচ্চিত্ৰখনৰ পৰা দেখিবলৈ পোৱা অক্ষয় কুমাৰৰ প্ৰথম চেহেৰাটো বহুত ধেমেলীয়া । অক্ষয় কুমাৰৰ কান্ধত এটা ক'লা মেকুৰী বহি থকা দেখিবলৈ পোৱা গৈছে আৰু অক্ষয় কুমাৰৰ সন্মুখত গাখীৰ ভৰ্তি বাতি এটা আছে ৷ বাতিটোৰ পৰা তেওঁ জিভাৰে গাখীৰত চেলেক মৰা দেখুওৱা হৈছে ।

অক্ষয় কুমাৰে তেওঁৰ জন্মদিনত 'ভূত বাংলা' বোলছবিখন ঘোষণা কৰি লিখিছে, “জন্মদিনত আপোনাৰ প্ৰেমৰ বাবে ধন্যবাদ, বছৰৰ পিছত বছৰ ! এই বছৰ মই ভূত বাংলাৰ প্ৰথম ৰূপ উদযাপন কৰি আছো, মই 14 বছৰৰ পিছত প্ৰিয়দৰ্শনৰ সৈতে পুনৰ কাম কৰাৰ অনুভৱ শব্দত প্ৰকাশ কৰিব নোৱাৰো, এই সপোনৰ সহযোগিতা দীৰ্ঘদিনৰ পিছত ঘূৰি আহিছে, মই আপোনালোকৰ সৈতে এই যাত্ৰাটোৰ কথা শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰো । যাদুৰ বাবে লগত থাকক ।”

লগতে পঢ়ক : অক্ষয় কুমাৰৰ দৰে শীৰ্ষস্থানীয় অভিনেতাকো যেতিয়া প্ৰযোজকে ঠগে ! - Akshay Kumar with producers

  • এই যুটিৱে 14 বছৰৰ পিছত পুনৰ খলকনি লগাবনে ?

অক্ষয় কুমাৰ আৰু প্ৰিয়দৰ্শনে 2007 চনত ভৌতিক কৌতুক ভুল ভুলইয়াৰে খলকনি তুলিছিল । অক্ষয় কুমাৰৰ চলচ্চিত্ৰ কেৰিয়াৰত ডাঙৰ হিটৰ তালিকাত ভুল ভুলইয়া অন্তৰ্ভুক্ত কৰা হৈছে । অক্ষয় কুমাৰে এই ছবিখনৰ বাবে 2007 বৰ্ষৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাও লাভ কৰিছিল । এতিয়া এইটো লক্ষণীয় যে এই যুটিটোৱে 14 বছৰৰ পিছত কেনেকৈ তেওঁলোকৰ দৰ্শকক মনোৰঞ্জন দিব ?

  • কেতিয়া মুক্তি পাব ভূত বাংলা ?

ভূত বাংলা বালাজী টেলিফিল্মছ আৰু কেপ অফ গুডছ ফিল্মছে যৌথ প্ৰযোজনা কৰিছে । ছবিখনৰ প্ৰযোজক একতা কাপুৰ আৰু শোভা কাপুৰ । 2025 চনত মুক্তি পাবলগীয়া ছবিখনৰ মুক্তিৰ তাৰিখ আৰু বাকী তাৰকা অভিনেতা এতিয়াও ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : খিলাড়ীয়ে আৰ্তজনৰ হাতত তুলি দিছে খাদ্য: ছ’চিয়েল মিডিয়া ইউজাৰে দিলে এই টেগ - Akshay Kumar serves food

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.