ETV Bharat / state

২৯ ছেপ্টেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ নিৰ্বাচন - Barpeta Satra

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 1:46 PM IST

Election of Barpeta Satra : বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্যক ২২ খন হাটীৰ ভকতসকলে নিৰ্বাচিত কৰাৰ পৰম্পৰা এইবাৰো ৰক্ষা হ'ব । সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাক মাধৱদেৱে সত্ৰাধিকাৰ পদত নিয়োজিত কৰিছিল ৷ এতিয়া পিছে বুঢ়াসত্ৰাধিকাৰ গৰাকীক বুঢ়াসত্ৰীয়া বুলি কোৱা হয় । কাৰণটো কি জানেনে ?

Barpeta Satra  election
বৰপেটাত নিৰ্বাচনক লৈ ব্য়স্ততা (ETV Bharat Assam)

বৰপেটা, ৯ ছেপ্টেম্বৰ : সত্ৰনগৰী বৰপেটাত নিৰ্বাচনক লৈ ব্য়স্ততা ৷ এয়া পঞ্চায়ত অথবা বিধানসভাৰ উপ-নিৰ্বাচনৰ আখৰা নহয় । ৪৪৪ বছৰীয়া পৰম্পৰা ৰক্ষাৰ নিৰ্বাচনহে । গণতান্ত্ৰিক পদ্ধতিৰে সত্ৰত অনুষ্ঠিত হৈ অহা নিৰ্বাচনক লৈহে এই ব্য়স্ততা । দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোক প্ৰাপ্তিৰ পিচত খালি হৈ থকা উক্ত পদটোৰ লগতে পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতেই সত্ৰনগৰীত দেখা গৈছে এই ব্য়স্ততা ৷

  • সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন :

অহা ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যৰ নিৰ্বাচন ৷ বৰপেটাৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়াআতাই আৰম্ভ কৰি যোৱা পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়া দুজনাৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্য সকলক ভোটৰ জৰিয়তে নিৰ্বাচন কৰা হয় ৷

বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰা দাস বুঢ়াআতাক মাধৱদেৱে সত্ৰাধিকাৰ পদত নিয়োজিত কৰিছিল ৷ মথুৰা দাস বুঢ়া আতাৰ পিছত আটাইবোৰ বুঢ়াসত্ৰীয়া আৰু ডেকাসত্ৰীয়াক ভোটৰ জৰিয়তে গণতান্ত্ৰীক পদ্ধতিৰে নিৰ্বাচন কৰি অহা হৈছে ৷

  • সত্ৰত মথুৰা দাস বুঢ়াআতাই প্ৰতিষ্ঠা কৰিছিল গণতন্ত্ৰ

প্ৰায় ৪৪৪ বছৰ পূৰ্বে বৰপেটা সত্ৰত মথুৰা দাস বুঢ়াআতাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি গৈছিল ৷ আজিও বৰপেটা সত্ৰত সেই পৰম্পৰা অটুত আছে ৷ দুবছৰ পূৰ্বে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ পৰলোক প্ৰাপ্তিৰ পিচত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদটো খালি হৈ আছিল ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ পদটো পূৰ্ণ কৰাৰ বাবে বৰপেটা জিলা প্ৰশাসনে ২৯ ছেপ্টেম্বৰৰ দিনটো ধাৰ্য কৰিছে ভোটগ্ৰহণৰ বাবে ৷ ২৯ ছেপ্টেম্বৰত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া পদৰ লগতে বৰপেটা সত্ৰ পৰিচালনা সমিতি সদস্য সকলৰো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

বুঢ়াসত্ৰীয়া পদটোৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১০ ছেপ্টেম্বৰ ধাৰ্য কৰিছে জিলা প্ৰশাসনে ৷ বৰপেটা সত্ৰ পৰিচালনাৰ বাবে বৰপেটাৰ ২২ খন হাটীৰ ভকতসকলে ২৮ গৰাকী সদস্য নিৰ্বাচন কৰে ৷

উল্লেখ্য যে, বৰপেটা সত্ৰাধিকাৰ গৰাকীক নিৰ্বাচনী প্ৰথাৰে নিৰ্বাচন কৰে বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰাধিকাৰ গৰাকীক বুঢ়াসত্ৰীয়া বুলি কোৱা হয় । অসমৰ আন সত্ৰ সমূহৰ সত্ৰাধিকাৰ বোৰ বংশানুক্ৰমে হয় বাবে সত্ৰাধিকাৰ বুলি কোৱা হয় ৷

লগতে পঢ়ক:সত্ৰনগৰীত মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ তিৰােভাৱ তিথিত ঘোষাপাঠ - Mahapurush Srimanta Sankaradeva

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন - Krishna Janmashtami 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.