ETV Bharat / state

অহা মাৰ্চত প্ৰণয়ন হ'ব নতুন ভূমি আইন; কি থাকিব এই আইনত ? - Assam New Land Act

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2024, 1:44 PM IST

Assam New Land Act: অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে অনা হ'ব নতুন আইন । ইয়াৰ দ্বাৰা নিৰ্বাচিত ৰাজহ চক্ৰত ১৯৫১ৰ ভোটাৰ তালিকাত নাম থকা লোক বা তেওঁৰ পৰিয়ালেহে ভূমি ক্ৰয় বা বিক্ৰী কৰিব পাৰিব ।

Assam New Land Act
অহা মাৰ্চত প্ৰণয়ন হ'ব নতুন ভূমি আইন (ETV Bharat)

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে শীঘ্ৰে আনিব এখন নতুন ভূমি আইন । অহা মাৰ্চ মাহত অসম চৰকাৰে অনিব এই আইনখন ৷ এই আইনযোগে ১৯৫১ চনৰ পৰা অুসমৰ বাসিন্দা হৈ থকা লোকৰ মাজতহে কেতবোৰ নিৰ্বাচিত ৰাজহ চক্ৰত মাটিৰ লেনদেনৰ অনুমতি দিব ৰাজহ বিভাগে ৷ চৰকাৰে এই আইনখনৰ বাবে প্ৰস্তুতি চলাই আছে বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

  • নতুন ভূমি আইন :

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰাজহ বিভাগৰ এক অনুষ্ঠানত ঘোষণা কৰে যে অসম চৰকাৰে ১৯৫১ চনৰ পৰা ৰাজ্যখনৰ বাসিন্দা হৈ থকা লোকৰ মাজতহে নিৰ্বাচিত ৰাজহ চক্ৰত মাটিৰ লেনদেনৰ অনুমতি দিব পৰা আইন এখনৰ কাম কৰি আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, "খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত আৰু সুৰক্ষিত কৰাৰ বাবে অসমত নতুন আইন প্ৰণয়ন কৰা হৈছে আৰু বৰ্তমানৰ আইনসমূহৰ সংশোধন কৰা হৈছে ৷ নতুন আইন অনাৰ বাবে কাম কৰি থকা হৈছে ৷ ইয়াৰ লগতে ভূমিহীন, যোগ্যসকলক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে ৷"

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি কৰিব বিচৰা এটা গুৰুত্বপূৰ্ণ কাম হ'ল কিছু নিৰ্দিষ্ট ৰাজহ চক্ৰ চিনাক্ত কৰা, য'ত ১৯৫১ চনত তাত বাস কৰা লোকসকলেহে মাটি বিক্ৰী আৰু ক্ৰয় কৰিব পাৰিব । যিবোৰ পৰিয়ালৰ নাম ১৯৫১ চনৰ অসমৰ ভোটাৰ তালিকাত বা এন আৰ চিত থাকিব সেই সকলেহে নিজৰ মাজত মাটি ক্ৰয়-বিক্ৰয় কৰিব পাৰিব । এয়া এক বলিষ্ঠ আৰু সাহসী আইন হ'ব ৷ আমি অহা মাৰ্চ মাহত এই আইন আনিম ।"

এই কথা ৰাজহুৱাভাৱে ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মূল কৃষিভূমি সুৰক্ষাৰ বাবে নতুন আইনো অসম চৰকাৰে শীঘ্ৰে আনিব ৷

  • কোনবোৰ ৰাজহ চক্ৰত প্ৰযোজ্য হ'ব প্ৰস্তাৱিত এই আইন :

মুখ্যমন্ত্ৰীয়ে কয়, "অসম চৰকাৰে জনীয়া, কলগাছিয়া, ধিং, ৰূপহীহাট, যমুনামুখ আদি কেতবোৰ ৰাজহ চক্ৰ চিনাক্ত কৰাৰ দিশত অগ্ৰসৰ হৈছে ৷" তেওঁ স্পষ্টভাৱে কয় যে এনে ৰাজহ চক্রসমূহত কেৱল অসমৰ ১৯৫১ চনৰ ভোটাৰ তালিকাত নাম থকা লোকেহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব । এই সম্বন্ধীয় এখন আইন শীঘ্রেই প্রণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় পদক্ষেপ গ্রহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

একেদৰেই অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জাতি-জনজাতি তথা অ'বিচি লোকৰ ভূমি একমাত্র তেনে লোকেহে ক্রয়-বিক্রয় কৰিব পৰা আইন প্রণয়নৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে । এনেধৰণৰ কেইবাখনো আইন অসম চৰকাৰে শীঘ্ৰেই আনিব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • ভূমি আইন সংশোধনী :

ইতিমধ্যে অসম চৰকাৰে কৰা ভূমি আইন সংশোধনীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা বিধানসভা অধিৱেশনত আমি বৰ্তমানৰ আইন এখনত নতুন অধ্যায়-১২ সংযোজন কৰিছো ৷ এই আইনযোগে 'আইকনিক ষ্ট্ৰাকচাৰ'ৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কেৱল ১৯৫১ চনৰ বা তাৰ পূৰ্বৰে পৰা তাত বাস কৰা লোকৰ মাজতহে মাটি ক্ৰয় আৰু বিক্ৰয় কৰাৰ অনুমতি দিয়া হৈছে । সাংস্কৃতিক আৰু ধৰ্মীয় দুয়োটা দিশৰে পৰা এয়া এক ধৰ্ম নিৰপেক্ষ পদক্ষেপ ৷"

সম্প্ৰতি বৰপেটা, বটদ্ৰৱা আৰু মাজুলীত নতুন সংশোধনী প্ৰযোজ্য কৰাৰ লগতে অসম চৰকাৰে শীঘ্ৰে এনে সুৰক্ষাৰ বাবে ৰাজ্যখনৰ আন জিলাসমূহৰ ‘আইকনিক ষ্ট্ৰাকচাৰ'ৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলা আয়ুক্তসকলক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :মাজনিশা হঠাৎ দীঘলীপুখুৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; বুজ ল’লে উৰণসেতুৰ নিৰ্মাণ কাৰ্যৰ - Noonmati Dighalipukhuri flyover

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.