বন্য়াৰ্তক দুপৰীয়াৰ সাঁজ ৰান্ধি খুৱালে যুৱকে - Assam flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07-07-2024/640-480-21891285-thumbnail-16x9-kkk-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jul 7, 2024, 6:58 PM IST
কলিয়াবৰ, ৭ জুলাই: কলিয়াবৰত এতিয়াও বান শিবিৰত আছে সহস্ৰাধিক লোক । প্ৰশাসন তথা দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে সাধ্যানুসাৰে বান সাহাৰ্য আগবঢ়াইছে । চাউল-দাইল, পানী-বিস্কুটকে ধৰি কাপোৰ-কানি আদি যোগান ধৰিছে । কিন্তু বহুলোকে উপযুক্ত সুবিধা নথকাত এসাঁজ ৰান্ধি খাব পৰা নাই । দুই-এজনৰ ব্যক্তিগত তথা দলীয় উদ্যোগত দুই-এটা শিবিৰত তৈয়াৰী খাদ্য যোগান ধৰিছে । তেনে এক উদ্যোগ ল'লে কলিয়াবৰৰ কেইগৰাকীমান হৃদয়বান যুৱকে ।
কলিয়াবৰ তিনিআলিৰ শঙ্কৰদেৱ শিশু নিকেতনৰ অস্থায়ী বান শিবিৰতে বন্য়াৰ্তৰ বাবে দেওবাৰে দুপৰীয়াৰ সাঁজ ৰান্ধি খুওৱাৰ ব্যৱস্থা কৰে যুৱককেইজনে । তদুপৰি,কলিয়াবৰ তিনিআলিৰ আশে-পাশে ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা সহস্ৰাধিক বানাক্ৰান্তক যোগান ধৰে দুপৰীয়াৰ এসাঁজ ।
চৰকাৰ বা আন দল-সংগঠনৰ পৰা বান সাহাৰ্য পাইছে যদিও ৰন্ধাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সাধ্যানুসাৰে শিবিৰতে এসাঁজ ৰান্ধি খুওৱাৰ ব্যৱস্থা কৰিছে । যদিও ই এক তেনেই নাম মাত্ৰ, তথাপি এনে বিপদৰ সময়ত সহায় কৰিবলৈ যত্ন কৰিছে বুলি যুৱককেইজনে মন্তব্য় কৰিছে । আনহাতে, যুৱ কংগ্ৰেছ কৰ্মীসকলেও বান শিবিৰত দুপৰীয়াৰ খাদ্য যোগান ধৰে ।